ETV Bharat / crime

পুলৱামা জিলাৰ ট্ৰালৰ চাইমু অঞ্চলত আই ই ডি উদ্ধাৰ - ৰাজৌৰী জিলা

দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰালৰ চাইমু অঞ্চলত ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) উদ্ধাৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত ৷

major-tragedy-averted-as-security-forces-recover-ied-in-j-ks-pulwama
পুলৱামা জিলাৰ ট্ৰালৰ চাইমু অঞ্চলত আই ই ডি উদ্ধাৰ
author img

By

Published : Jun 7, 2021, 9:35 PM IST

নেচনেল ডেস্ক, 7 জুন: সোমবাৰে জম্মু-কাশ্মীৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰালৰ চাইমু অঞ্চলৰ ওচৰত এটা ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) উদ্ধাৰ কৰাৰ পিছত ৰক্ষা পৰে এক ডাঙৰ দুৰ্ঘটনাৰ পৰা ৷ জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা অনুসৰি, ডিভাইচটো নিষ্ক্ৰিয় কৰিবলৈ বোমা নিষ্কাশনকাৰী দলক ঘটনাস্থলীলৈ ততাতৈয়াকৈ লৈ যোৱা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে দেওবাৰে পুলৱামাৰ ট্ৰালৰ এখন বাছ ষ্টেণ্ডত সন্ত্ৰাসবাদীয়ে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) নাকা পাৰ্টিৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰিছিল ৷ যাৰ ফলত সাতজন নাগৰিক আহত হয় । তাৰোপৰি বুধবাৰে নিশা বিজেপি পৰিষদ ৰাকেশ পণ্ডিতাক ট্ৰালত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে ৷ ইয়াৰ উপৰিও আৰক্ষীয়ে জনোৱা অনুসৰি জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত শনিবাৰে নিশা এজন চৰপঞ্চৰ ঘৰৰ বাহিৰৰ পৰাও কম তীব্ৰতাৰ বিস্ফোৰণ হোৱাৰ খবৰ পোৱা গৈছে ৷

লগতে পঢ়ক: ফ্লেট বিক্ৰী কেলেংকাৰীত সাঙোৰ খাইছে মন্ত্রী অশোক সিংঘালৰ নাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.