ETV Bharat / crime

Investigation Closed : CBI য়ে বন্ধ কৰিব শ্বীনা বৰা হত্যাকাণ্ডৰ তদন্ত - মুম্বাইৰ বিশেষ আদালত

শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰৰ তদন্ত বন্ধ কৰিব চিবিআই(CBI)য়ে ৷ ২০১৫ চনৰ পৰা শ্বীনা বৰা হত্যা(Sheena Bora murder case )ৰ তদন্তৰ দায়িত্বত আছিল চিবিআই ৷

Investigation in Sheena Bora murder case closed, CBI intimates Special Court
investigation closed : CBI য়ে বন্ধ কৰিব শ্বীনা বৰা হত্যাকাণ্ডৰ তদন্ত
author img

By

Published : Aug 19, 2021, 9:10 PM IST

নেশ্বনেল ডেস্ক, 19 আগষ্ট : চিবিআইয়ে(Central Bureau of Investigation ) মুম্বাইৰ বিশেষ আদালত(special court in Mumbai)ক জনাইছে যে, তেওঁলোকে এই সপ্তাহৰ আৰম্ভণিতে শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰৰ তদন্ত বন্ধ কৰিব । আদালতৰ সন্মুখত দাখিল কৰা এক লিখিত আবেদনত চিবিআইয়ে কয় যে, তেওঁলোকে গোচৰটোৰ তদন্ত বন্ধ কৰিব । মঙলবাৰে, আদালতে ইয়াৰ ৰোজনামা(Daily order)ত এই কথা উল্লেখ কৰিছে ।

চিবিআইয়ে মুম্বাই আৰক্ষীৰ পৰা গোচৰটো গ্ৰহণ কৰাৰ পিছত ২০১৫ চনৰ পৰা শ্বীনা বৰা হত্যা(Sheena Bora murder case )ৰ তদন্ত কৰি আছিল । মুম্বাই আৰক্ষী(Mumbai police)য়ে পঞ্জীয়ন কৰা গোচৰ অনুসৰি, শ্বীনা বৰাক ২০১২ চনৰ এপ্ৰিলত শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল । মুঠ চাৰিজন লোকক এই গোচৰটোত অভিযুক্ত কৰা হৈছিল, যাৰ ভিতৰত আছিল ইন্দ্ৰাণী মুখাৰ্জী(Indrani Mukherjea) আৰু তেওঁৰ স্বামী পিটাৰ মুখাৰ্জী(Peter Mukherjea) ।

পিছত, গোচৰটো চিবিআইলৈ স্থানান্তৰ কৰা হয়, যিয়ে চাৰিজন অভিযুক্তৰ বিৰুদ্ধে এই গোচৰত একাধিক অভিযোগপত্ৰ দাখিল কৰিছিল । ছয় বছৰৰ তদন্ত আৰু কমেও পাঁচখন অভিযোগপত্ৰ আৰু পৰিপূৰক অভিযোগপত্ৰৰ পিছত, চিবিআইয়ে এতিয়া বিশেষ আদালতক জনাইছে যে তেওঁলোকে এই গোচৰটোৰ আৰু অধিক তদন্ত নকৰে ।

২০১৭ চনত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত প্ৰায় ৬০ জন সাক্ষীয়ে এতিয়ালৈকে তেওঁলোকৰ বিবৃতি লিখিত ৰূপত দাখিল কৰিছে । ইন্দ্ৰাণী আৰু পিটাৰ মুখাৰ্জীৰ উপৰিও সঞ্জীৱ খান্না (ইন্দ্ৰাণীৰ প্ৰাক্তন স্বামী), আৰু শ্যামবৰ ৰায় (ইন্দ্ৰাণীৰ চালক) এই গোচৰটোত অভিযুক্ত । ২০১৫ চনৰ আগষ্টত আন এটা গোচৰত ইন্দ্ৰাণীৰ চালক শ্যামবৰ ৰায়ক গ্ৰেপ্তাৰ কৰাৰ পিছত এই গোচৰটো প্ৰথম পোহৰলৈ আহিছিল ।

তদন্তৰ সময়ত, চালকজনে ২০১২ চনৰ এপ্ৰিলত শ্বীনা বৰাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল আৰু কৈছিল যে, তেওঁ শ্বীনাৰ মৃতদেহ মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ কোনো স্থানত পেলাই দিছিল । তেওঁ মুম্বাই আৰক্ষীক এইটোও কৈছিল যে শ্বীনাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জী আৰু সঞ্জীৱ খান্নাও এই হত্যাকাণ্ডত জড়িত আছিল ।

পিছত, চিবিআইয়ে মুম্বাই আৰক্ষীৰ পৰা গোচৰটো গ্ৰহণ কৰে। গোচৰটো পঞ্জীয়ন হোৱাৰ তিনি মাহৰ পিছত, চিবিআইয়ে শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত ইন্দ্ৰাণীক সহায় কৰাৰ বাবে পিটাৰ মুখাৰ্জী (ইন্দ্ৰাণী মুখাৰ্জীৰ তৃতীয় স্বামী) গ্ৰেপ্তাৰ কৰে। আদালতৰ সন্মুখত চিবিআইয়ে দিয়া প্ৰতিবেদন অনুসৰি, ইন্দ্ৰাণী মুখাৰ্জীয়ে শ্বীনা বৰাক হত্যা কৰিছিল ৷

ইন্দ্ৰানীয়ে তেওঁৰ ভগ্নী হিচাপে সমাজত পৰিচয় দিয়া কন্যা শ্বীনা বৰা আৰু পিটাৰ মুখাৰ্জীৰ পুত্ৰ ৰাহুল মুখাৰ্জীৰ মাজৰ সম্পৰ্কক লৈ ক্ৰোধান্বিত হৈ এই কাৰ্য কৰিছিল । চিবিআইৰ মতে, ইন্দ্ৰাণীয়ে শ্বীনা বৰাক হত্যা কৰিছিল, কিয়নো শ্বীনাই নিজক তেওঁৰ ভগ্নী নহয় বৰঞ্চ কন্যাহে হোৱাৰ সত্যতা ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ ভাবুকি দিছিল ।

পিটাৰ মুখাৰ্জীক ২০২০ চনৰ মাৰ্চ মাহত চিবিআইৰ এখন বিশেষ আদালতে জামিন দিছিল। গোচৰটোৰ বিচাৰৰ সময়ত, ইন্দ্ৰাণী আৰু পিটাৰে তেওঁলোকৰ সম্পৰ্কও সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছিল । তেওঁলোকক ২০১৯ চনৰ অক্টোবৰত মুম্বাইৰ পাৰিবাৰিক আদালতে বিবাহ বিচ্ছেদ দিছিল ।

লগতে পঢ়ক : বজৰংগ দলৰ নেতাৰ ৰহস্যজনক মৃত্যুকলৈ উত্তপ্ত তেজপুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.