ETV Bharat / crime

Chicken fry ৰ লোভত শিৰিন বানুৰ পতি মোবাৰকে কৰিলে নকৰিবলগীয়া কাম - ভোজন বিলাসী

পতিৰ ভোজন বিলাসীতাই কাল হ’ল শিৰিন বানুৰ ৷ পতিৰ ইচ্ছা পূৰ কৰা পতিব্ৰতা নাৰী গৰাকীয়ে স্বামীৰ আব্দাৰ মতেই খোৱা টেবুলত যোগান ধৰে ইটোৰ পিছত সিটো খাদ্য ৷ কিন্তু ভোজন বিলাসী স্বামী মোবাৰকে পত্নী গৰাকীৰ সৈতে কি কৰিলে জানো আহক ৷

Husband kills wife for not cook Chicken Fry well
Chicken fry ৰ লোভত শিৰিন বানুৰ পতী মোবাৰকে কৰিলে নকৰিব লগীয়া কাম
author img

By

Published : Aug 24, 2021, 9:27 PM IST

Updated : Aug 25, 2021, 9:31 AM IST

নেশ্বনেল ডেস্ক, 24 আগষ্ট : বেছ ভোজন বিলাসী স্বভাৱৰ মানুহ শিৰিন বানুৰ পতি মোবাৰক ৷ প্ৰায়েই ব্ৰেকফাষ্ট, লাঞ্চ অথবা ডিনাৰত পত্নীৰ ওচৰত সুস্বাদু খাদ্যৰ ডিমাণ্ড ৰাখে মোবাৰকে ৷ পত্নী শিৰিন বানু পতিব্ৰতা নাৰী, স্বামীৰ আব্দাৰ মতেই খোৱা টেবুলত তেওঁ যোগান ধৰে ইটোৰ পিছত সিটো খাদ্য ৷ পিছে পতিৰ ভোজন বিলাসীতাই কাল হ’ল শিৰিন বানুৰ, খাদ্য খুৱাই মোবাৰকক সন্তুষ্ট কৰাটো সহজ কথা নহয় ৷

প্ৰায়েই পত্নীয়ে বনোৱা খাদ্য সুস্বাদু নহয় বুলি খোৱাৰ পাটত বহি খং প্ৰকাশ কৰে মোবাৰকে ৷ কথাবোৰৰ সিমানতেই জৱনিকা পৰা হ’লে কথাই নাছিল দিনক-দিনে খাদ্যৰ হকে কাজিয়া কৰা স্বভাৱ বাঢ়ি গৈছিল শিৰিন বানুৰ পতি মোবাৰকৰ ৷ প্ৰায়েই খাদ্যৰ বাবেই শিৰিনক মাৰপিট(physical assault) কৰিবলৈ লৈছিল মোবাৰকে ৷

উপায়ন্তৰ হৈ শিৰিনে সকলো কথা নিজৰ পিতৃ-মাতৃক অৱগত কৰিছিল ৷ পিছে পিতৃ-মাতৃয়েনো কৰিব কি ? দুয়োকে বুজাই বঢ়াই মিলি জুলি থকাৰ বাবে পুনৰ সৈমান কৰালে তেওঁলোকে ৷

কিন্তু, মানুহৰ স্বভাৱৰ সলনি হোৱা জানো ইমান সহজ ? মোবাৰকে খাদ্যৰ বাবে শিৰিনক কৰা আক্ৰমণ অব্যাহত ৰাখিছিল । যোৱা সপ্তাহত মোবাৰকে পত্নীক চিকেন ফ্ৰাই(chicken fry) ৰান্ধিবলৈ এক কথাত নিৰ্দেশ দিছিল, কিন্তু এই খাদ্য খাই মোবাৰক খঙত অগ্নি শৰ্মা হৈ পৰিছিল ৷ কিয়নো, চিকেন ফ্ৰাই সি বিচৰা ধৰণে সুস্বাদু নাছিল । খঙৰ ভমকত কাঠৰ টুকুৰা এটা ব্যৱহাৰ কৰি শিৰিনৰ মূৰত উপৰ্যুপৰি আক্ৰমণ কৰিলে মোবাৰকে ৷

এই আক্ৰমণতেই দুৰ্ভগীয়া পত্নী শিৰিনে প্ৰাণ হেৰুৱাইছিল ৷ পিছে এই ঘটনা লুকুৱাই ৰাখি মোবাৰকে শিৰিনৰ পৰিয়াল আৰু চুবুৰীয়াৰ আগত প্ৰচাৰ কৰে যে, শিৰিনে ঘৰ এৰি কৰবালৈ গুচি গৈছে ৷ শিৰিন বানুৰ পিতৃ-মাতৃয়ে জীয়েক ১৮ দিনৰ পাছতো ঘৰলৈ ঘূৰি নহাত পিছত আৰক্ষী থানাত তেওঁলোকে মোবাৰকৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰে ।

ততাতৈয়াকৈ আৰক্ষীয়ে মোবাৰকক গ্ৰেপ্তাৰ কৰে আৰু জেৰাৰ সময়ত পত্নী শিৰিনক হত্যা কৰি তেওঁৰ মৃতদেহটো এটা হ্ৰদত পেলাই দিয়া বুলি স্বীকাৰ কৰে । কেৱল খোৱা খাদ্যৰ নামত পত্নীক হত্যা কৰা এই জঘন্য ঘটনা সংঘটিত হৈছে বেংগালুৰুৰ সোলাদেৱনাহাল্লিত ৷ বিচৰা ধৰণে চিকেন ফ্ৰাই বনাই দিব নোৱাৰাৰ বাবেই পত্নীক হত্যা কৰা এই ঘটনাই এতিয়া দেশজুৰি তীব্য চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : অমলেট খাবলৈ নাপাই তোতা মিঞাই পত্নীক কি কৰিলে জানে নে ?

Last Updated : Aug 25, 2021, 9:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.