তেজপুৰ, 19 এপ্ৰিল : লখিমপুৰ আৰক্ষীৰ বৃহৎ সাফল্য বান্দৰদেৱাত ৷ কেইবা লক্ষাধিক টকাৰ হেৰ’ইন সহ নগদ ১.৫ লাখ উদ্ধাৰ ৷ কিন্তু কাৰ নেতৃত্বত চলিছে মাৰাত্মক ড্ৰাগছ আৰু হেৰ’ইনৰ বেহা ৷ লখিমপুৰ জিলা আৰক্ষীৰ নেতৃত্বত হাৰমতী আৰু বান্দৰদেৱা আৰক্ষীৰ সহযোগত বিগত সময়ত অভিযান চলাই কেইবাজনো অপৰাধী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পাছতো মাৰাত্মক ড্ৰাগছ সৰবৰাহৰ বন্ধ হোৱা নাই ৷ ইয়াকে লৈ বান্দৰদেৱা সীমান্তৱতী ৰাইজ চিন্তিত হৈ পৰিছে নিজৰ সন্তানৰ ভৱিষ্যতক লৈ ৷
ড্ৰাগছৰ ঘাটিলৈ পৰিণত হোৱা লখিমপুৰ জিলাৰ বান্দৰদেৱাত সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ডেৰ লক্ষাধিক নগদ টকা , ৭৭.৭০ গ্ৰাম ড্ৰাগছ সহ দুজন ড্ৰাগছ ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হয় লখিমপুৰ আৰক্ষীয়ে । জিলাখনৰ অন্তৰ্গত অসম অৰুণাচল সীমান্ত বান্দৰদেৱাৰ বুধবৰীয়া বজাৰৰ পৰা হিৰণ্য দলে আৰু দময়ন্তী দলেৰ ঘৰৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ সহ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় । লখিমপুৰ উপ আৰক্ষী অধীক্ষক ৰুণা নেওগ, লালুক আৰক্ষী থানা অ'চি সুৰজ দলে তথা বান্দৰদেৱা আৰক্ষী চকীৰ আৰক্ষী বিষয়া মদন চন্দ্ৰ কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান।
লগতে পঢ়ক : ক'ভিডৰ কাল ধুমুহা : স্বামী, শাহুৰ মৃত্যুৰ শোকত মাতৃ-পুত্ৰৰ আত্মহনন