ETV Bharat / crime

ডিব্ৰুগড়ৰ পৰা নিয়ন্ত্ৰণ উত্তৰ-পূৱৰ এখন ক’লা সাম্ৰাজ্য

author img

By

Published : Jun 4, 2021, 8:11 AM IST

ডিব্ৰুগড়ৰ ড্ৰাগছ সাম্ৰাজ্য হিচাপে পৰিচিত স্থান কালিবাৰিত নিশা আৰক্ষীৰ বিশাল বাহিনী আৰু চিআৰপিএফৰ ড্ৰাগছ বিৰোধী অভিযান ৷ এই অভিযানত একালৰ ড্ৰাগছ ব্যৱসায়ী ইলাহীৰ ঘনিষ্ঠ আব্দুল কৰিম ওৰফে বাবু সহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ লগতে 50 লাখ টকাৰ ব্ৰাউন ছুগাৰ সহ নগদ ধন আৰু লক্ষাধিক টকাৰ অলঙ্কাৰ জব্দ কৰে আৰক্ষীয়ে ৷

drugs-seized-at-dibrugarh
ডিব্ৰুগড়ৰ ড্ৰাগছ সাম্ৰাজ্য কালিবাৰিত আৰক্ষীৰ অভিযান

ডিব্ৰুগড়, 4 জুন : ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়তো অব্যাহত ড্ৰাগছ বিৰোধী অভিযান ৷ ডিব্ৰুগড়ৰ বহু বছৰীয়া কলা সাম্ৰাজ্যৰ এটা স্থান কালিবাৰিৰ ইলাহী পট্টিত বিশাল আৰক্ষী বাহিনী আৰু চিআৰপিএফ(CRPF)য়ে ড্ৰাগছ বিৰোধী অভিযান চলায় ৷ ল’কডাউনৰ মাজতে প্ৰায় ডেৰ ঘন্টা যোৰা অভিযানত ৬০০ গ্ৰাম নিষিদ্ধ ব্ৰাউন ছুগাৰ জব্দ কৰা লগতে নগদ ৬২ হেজাৰ টকা আৰু বহু লাখ টকাৰ সোণৰ গহণা জব্দ কৰে আৰক্ষীয়ে ।

ডিব্ৰুগড় আৰক্ষী অধীক্ষক স্বেতাংক মিশ্ৰা, উপ আৰক্ষী অধীক্ষক এ জে বৰুৱা, সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া, টি এছ আই অৰ্জুন সিং সহ সমীপবৰ্ত্তী আটাইকেইখন থানাৰ আৰক্ষী বিষয়াৰ বৃহৎ দলে নিশা কালিবাৰিৰ ইলাহী পট্টিত এই অভিযান চলায় । জানিব পৰা মতে, এসময়ৰ উজনীৰ ড্ৰাগছৰ বেহাৰ একছত্ৰী সম্ৰাট তথা মাফিয়া ইলাহী শ্বেইখৰ ঘণিষ্ঠ ৰূপে পৰিচিত আব্দুল কৰিম ওৰফে বাবু সহ দুগৰাকী মহিলা আৰু এজন ড্ৰাগছ ব্যৱসায়ীক এই অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, আব্দুল কৰিমৰ গৃহত এই অভিযান আৰক্ষীৰ । আৰক্ষীয়ে জব্দ কৰা ব্ৰাউন ছুগাৰখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫০ লাখ টকাৰো অধিক টকা হ’ব বুলি জানিবলৈ দিছে । আনহাতে, অঞ্চলটোত এতিয়াও বহু লোকে ড্ৰাগছৰ এক ৰমৰমীয়া বেহা চলাই যোৱাৰ অভিযোগ আছে । আৰক্ষীয়ে জনোৱা মতে, এই অঞ্চলটোৰ পৰাই চুবুৰীয়া অৰুণাচল আৰু নাগালেণ্ডলৈও সৰবৰাহ হয় ড্ৰাগছ ।

বহুবাৰ কাৰাবন্দী হৈ পুনৰ মুকলি আকাশৰ তললৈ অহাতো স্বাভাৱিক ঘটনাৰ দৰে আছিল ইলাহীৰ । কিন্তু বিগত কিছু বছৰ ডিব্ৰুগড়ত ইলাহীৰ ড্ৰাগছ বজাৰৰ আধিপত্য কমি অহাৰ বিপৰীতে ড্ৰাগছৰ বেহাত এতিয়া নতুন মুখ দেখা যায় ৷ সম্প্ৰতি ডিব্ৰুগড়ৰ কালিবাৰিৰ ওপৰিও লক্ষ্যণীয় ভাৱে ডিব্ৰুগড়ৰ চুকে কোণে উপলব্ধ হ'ব ধৰিছে মাৰাত্মক ড্ৰাগছ ।

আনহাতে, বৃহস্পতিবাৰৰ আৰক্ষীৰ আন এটা অভিযানত এক কিলোগ্ৰামৰো অধিক গাঞ্জা জব্দ কৰাৰ লগতে এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । বিগত দিনকেইটাত ডিব্ৰুগড় আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত পুনৰ গাঞ্জাসহ এজন গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.