বৰপেটা, ৪ জুন: বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী । তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত শুকুৰবাৰে চলিছিল ড্ৰাগছ বিৰোধী অভিযান । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো তাৰাবাৰী থানাৰ অন্তৰ্গত কলতলি গাঁৱৰ বিছা মিঞা বুলি জানিব পৰা গৈছে ।
গোপন সূত্ৰৰ পম খেদি তাৰাবাৰী আৰক্ষীয়ে হৰিপুৰত আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী বিছা মিঞাক । বিছা মিঞাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২০টা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ । সন্দেহযুক্ত ব্ৰাউন চুগাৰখিনি এটা ক'লা পলিথিনৰ ভিতৰত লুকুৱাই আনিছিল বিছা মিঞাই ।
ধৃত বিছা মিঞাৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে ১১৮/২০২১ নম্বৰত গোচৰ আৰু এনডিপিএচ (NDPS) আইনৰ ২১(বি) ধাৰাৰ অধীনত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: চৰ্চাত কৰিমগঞ্জত এজন প্ৰতিবাদী যুৱক