ডুমডুমা, ৩ মে': দেশ তথা ৰাজ্যত কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য় ৰাখি লক্ ডাউন পালন কৰি থকা হৈছে যদিও ইয়াৰ মাজতে একাংশ অসাধু ব্য়ৱসায়ীয়ে চলাই গৈছে ৰমৰমীয়া বেহা । তেনে এক ঘটনাই পোহৰলৈ আহিছে তিনিচুকীয়াৰ ডুমডুমাৰ ৰূপবন অঞ্চলত ।
লক্ ডাউনৰ মাজতেই দেওবাৰে ডুমডুমা আৰক্ষীয়ে ৰূপবনৰ নিৱাসী শ্ৰৱণ জয়ছোৱাল নামৰ এজন ব্যৱসায়ী জনৰ ঘৰত অকস্মাতে এক অভিযান চলায় । এই অভিযানত আৰক্ষীয়ে লোক জনৰ বাসগৃহৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ গুটখা । কাৰ্টনে-কাৰ্টনে জব্দ কৰা হয় নিষিদ্ধ গুটখা খিনি ।
গুটখাৰ ৰমৰমীয়া বেহা চলাই থকা অভিযোগত গুটখা ব্যৱসায়ী শ্ৰৱণ জয়ছোৱালৰ পুত্ৰ ৰোহিত জয়ছোৱালক আটক কৰিবলৈ সক্ষম হৈছে ডুমডুমা আৰক্ষীয়ে ।
লক্ ডাউনৰ সময়তে লাখ-লাখ টকাৰ গুটখাৰ ব্যৱসায় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আছিল দুই পিতা-পুত্ৰৰ বিৰুদ্ধে ।