তিনিচুকীয়া, 22 জুনঃ তিনিচুকীয়া আৰু শিলচৰত পৃথকে-পৃথকে সাংবাদিক সকলৰ কৰ'ণা পৰীক্ষাৰ ব্যৱস্থা কৰে প্ৰশাসনে ৷ ইতিমধ্যে বহু সাংবাদিক উক্ত পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ স্বাৱ পৰীক্ষা কৰিছে ৷
কৰ'ণা সংক্ৰমণৰ এই ভয়ংকৰ সময়ছোৱাত জৰুৰীকালীন সেৱাত ব্ৰতী থকা তিনিচুকীয়াৰ সাংবাদিক সকলক সোমবাৰে তিনিচুকীয়া প্ৰেছ ক্লাৱত জিলা প্ৰশাসনে কোভিড-19 পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে ৷
একেদৰে কাছাৰ জিলা প্ৰশাসনেও সোমবাৰে শিলচৰত সাংবাদিক সকলৰ স্বাৱ পৰীক্ষা কৰে । কাছাৰৰ জিলা উপাযুক্ত কৃতি জলিৰ নিৰ্দেশণা মৰ্মে স্বাস্থ্যবিভাগে সাংবাদিক সকলৰ কোভিড-19ৰ পৰীক্ষা কৰিছে । এই কৰ'ণা ভাইৰাছ সংক্ৰমণৰ সময়ত সাংবাদিক সকলে প্ৰতিদিনে আগবঢ়োৱা সেৱাৰ প্ৰতি লক্ষ্য ৰাখি সাংবাদিক সকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে প্ৰশাসনে ৷
লগতে পঢ়ক- গোলাঘাট নাৰ্ছিংহোমত কৰ'ণা সংক্ৰমণ