তিনিচুকীয়া, 15 অক্টোবৰ: বাঘজান কাণ্ডই ১৪২ দিন অতিক্ৰম কৰিলে যদিও চৰকাৰে উক্ত ঘটনাত ক্ষতিগ্ৰস্ত হোৱা ৰাইজক এতিয়া লৈ কোনো সাহাৰ্য প্ৰদান নকৰিলে । উক্ত ঘটনাক কেন্দ্ৰ কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বাঘজানবাসী ৰাইজে ।
বাঘজানবাসী ৰাইজে পুনৰ অনিৰ্দিষ্টকাললৈ বাঘজানলৈ যোৱা দুয়োটা পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে । যেতিয়ালৈকে তেওঁলোকে চৰকাৰ তথা অইল ইণ্ডিয়াৰ পৰা উপযুক্ত ক্ষতিপূৰণ নাপাব, তেতিয়ালৈকে তেওঁলোকৰ এই প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে ৰাইজে ।
যোৱা ইং ১৮/০৯/২০২০ তাৰিখে অনুষ্ঠিত হোৱা বৈঠকৰ সিদ্ধান্ত মৰ্মে ৭-১০ দিনৰ ভিতৰতে বাঘজানবাসী ৰাইজক আগধনৰ ব্যৱস্থা কৰা হ'ব বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যদিও ২৬-২৭ দিন উকলি যোৱাৰ পিছতো ক্ষতিগ্ৰস্ত ৰাইজে নাপালে কোনো সা-সুবিধা । অতি শীঘ্ৰে ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ দিবলৈ অইল ইণ্ডিয়া আৰু চৰকাৰ প্ৰশাসনকদাবী কৰিছে প্ৰতিবাদ কাৰী ৰাইজে ।
লগতে পঢ়ক : কাঠফুলা উৎপাদনেৰে স্বাৱলম্বী গোঁসাইগাঁৱৰ যুৱক