শদিয়া,23 অক্টোবৰঃ টঙনা গাওঁ পঞ্চায়তৰ সচিব প্ৰমোধ মৰাণৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে পঞ্চায়তৰ সভাপতিৰ লগতে স্থানীয় ৰাইজ ৷ সচিবগৰাকীৰ বদলিকৰণৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে বহুসংখ্যক ৰাইজে ৷
সচিব প্ৰমোধ মৰাণে পঞ্চায়ত খনত যোগদান কৰাৰে পৰা অধিক সংখ্যক সময় কাৰ্যালয়ত উপস্থিত নথকা , বিগত আঢ়ৈমাহৰ পূৰ্বৰ সচিবৰ পৰা বেংকৰ স্বাক্ষৰ সলনি নকৰা, নিজৰ খেয়াল খুচি মতে পঞ্চায়ত চলোৱা, ৰাজনৈতিক প্ৰভাৱ দেখোৱা, গাওঁ সভাত উপস্থিত নথকা, আচঁনিৰ কাম সম্পূৰ্ণ নকৰাকৈ ভূৱা তথ্য দিয়া ইত্যাদি বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ খোদ পঞ্চায়তখনৰ সভাপতি বিজয় উৰাঙে সচিব গৰাকীৰ বিৰুদ্ধে এনে অভিযোগ তুলি পঞ্চায়তখনৰ অন্তৰ্গত অঞ্চলসমূহত উন্নয়নৰ গতি তীব্ৰ কৰিবলৈ উৰ্দ্ধতম কৰ্তৃপক্ষক আহ্বান জনায় ৷
সচিব প্ৰমোধ মৰাণে টঙনা পঞ্চায়তত যোগদান কৰাৰে পৰা বিগত আঢ়ৈমাহে পঞ্চায়তখনত এটাও কাম নোহোৱাৰ লগতে আগতে হৈ থকা কাম সমূহৰ ধন মুকলি কৰি নিদিয়াত বিভিন্ন আঁচনিৰ কাম স্তব্ধ হৈ পৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ৷
ইফালে ট্ৰেড লাইচেঞ্চৰ নামত ৯০০ ৰ পৰা ১২০০ টকা লৈকে লোৱাৰ বাহিৰে পঞ্চায়তত বিগত তিনিমাহে ফুটাকড়ি এটাও নোহোৱা বুলি খোদ সভাপতি গৰাকীয়েই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ সভাপতি গৰাকীয়ে লগতে উৰ্দ্ধতম কৰ্তৃপক্ষক সচিব গৰাকীৰ বিৰুদ্ধে বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷
উল্লেখ্য যে, পঞ্চায়তখনৰ সচিব গৰাকীৰ বিৰুদ্ধে এনে গুৰুত্বপূৰ্ণ অভিযোগ জিলা পৰিষদৰ সভাপতি, কাৰ্যবাহী সদস্যক দিয়াৰ পিছতো কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ,তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে সচেতন ৰাইজৰ মাজত ৷
লগতে পঢ়ক- উচ্ছেদঃ জনীয়াত ব্যাপক প্ৰতিক্ৰিয়া ৰাইজৰ