ETV Bharat / city

তিনিচুকীয়াত ভূঁই ৰুই,জাল মাৰি অভিনৱ প্ৰতিবাদ ৰাইজৰ

author img

By

Published : Jul 13, 2020, 3:53 PM IST

তিনিচুকীয়াত ৰাইজৰ সমস্যাক গুৰুত্ব নিদিয়া স্থানীয় জন প্ৰতিনিধি আৰু চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শতাধিক পুৰুষ-মহিলা ৷ অতি শীঘ্ৰে যাতায়াতৰ বাবে সু ব্যৱস্থা কৰি দিবলৈ চৰকাৰক দাবী তুলিছে প্ৰতিবাদকাৰী সকলে ৷

Public Protest Against Govt At Tinsukia Dumduma
পথত ভূঁই ৰুই, মাছ ধৰি অভিনৱ প্ৰতিবাদ ৰাইজৰ

ডুমডুমা, 13 জুলাইঃ তিনিচুকীয়া জিলাৰ তৰাণী গাঁৱৰ লোকসকলে পথত ভূঁই ৰুই,মাছ ধৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ বছৰ বছৰ ধৰি ৩নং তৰাণীৰ পৰা বালিজান সংযোগী পথটোৰ বাবে জলা-কলা খাই আহিব লগীয়া হোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় লোকসকল ৷

তিনিচুকীয়াত ভূঁই ৰুই, জাল মাৰি অভিনৱ প্ৰতিবাদ ৰাইজৰ

স্বাধীনতাৰ ৭ টা দশক পাৰ হোৱাৰ পিছতো তিনিচুকীয়া জিলাৰ ৩নং তৰাণীৰ পৰা বালিজান সংযোগী পথটো এতিয়া জৰাজীৰ্ণ অৱস্থা হৈ আছে ৷ বছৰ বছৰ ধৰি এই পথচোৱাত যাতায়াতৰ বাবে জলাকলা খাই আহিবলগীয়া হৈ আহিছে ৰাইজে ৷ তাৰোপৰি বাৰিষা অহাৰ লগে লগে পথটো পানীত ডুব গৈ থকাৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে পথাচাৰী সকলৰ যাতায়াতৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ ৷ ইফালে সুদীৰ্ঘ কাল কংগ্ৰেছৰ শাসনত আছিল যদিও উক্ত পথটো মেৰামতিৰ বাবে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে ৷ ইতিমধ্যে উক্ত পথটোৰে গাড়ী মটৰ চলাটো দুৰৰে কথা খোজকাঢ়ি যাবলৈ এতিয়া উপয়ুক্ত নহয় পথটো ৷

তাৰোপৰি,এই লোকসকলে পৰিৱৰ্তনৰ আশাত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ বিধায়ক ভাস্কৰ শৰ্মাক নিৰ্বাচিত কৰিছিল যদিও তৰাণী গাঁৱৰ ৰাইজৰ সমস্যা সমস্যা হৈয়েই ৰ'ল । আনকি এজাক বৰষুণতেই একাঠু একাঠু বোকাৰ সৃষ্টি হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ বৰ্তমান চৰকাৰ খনে উন্নয়নৰ নামত ঢাক-ঢোল বজাই বিভিন্ন সভাই সমিতিয়ে মন্তব্য কৰি আহিছে যদিও এই দৃশ্যই উদঙাইছে চৰকাৰ খনৰ প্ৰকৃত ছবি বুলি ক্ষোভ প্ৰকাশ কৰে ৷ আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷ তাৰেপৰি চৰকাৰ খনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে উক্ত ঘটনাত ক্ষুব্ধ হৈ এনেদৰেই বোকাময় পথৰ ওপৰতেই ভূঁই ৰুই,মাছ ধৰি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে স্থানীয় লোকসকলে ।

তাৰোপৰি পথচোৱাৰ কেইবাটাও অংশত কালভাৰ্ট ভাঙি যোৱাৰ ফলত স্থানীয় লোকসকলে বাঁহৰ সাকোৰে ভয়ংকৰ ভাৱে অহা-যোৱা কৰিবলগীয়া হৈছে । পথটোৰ এই ভয়ংকৰ অৱস্থা হোৱাৰ বাবে অঞ্চলটোৰ সকলো পুৰুষ-মহিলা ওলাই আহি পথৰ ওপৰত স্থানীয় জনপ্ৰতিনিধিৰ লগতে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে উক্ত পথটো মেৰামতি কৰি দি যাতায়াতৰ বাবে সু ব্যৱস্থা কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় লোক সকলে ।

লগতে পঢ়ক- প্ৰলয়ংকাৰী বানত প্লাৱিত ৰঙিয়াৰ শতাধিক গাওঁ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.