ETV Bharat / city

ৰাজ্য কঁপোৱা লালিমা দেৱী হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান - তিনিচুকীয়া সত্ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়া

ৰাজ্য কঁপাই তোলা লালিমা দেৱী হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান প্ৰদান কৰিলে তিনিচুকীয়া সত্ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰ আদালতে । মূল অভিযুক্ত বিকাশ দাসক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে উপযুক্ত সাক্ষ্য প্ৰমাণ দিয়াৰ বাবে বিপিন পাণ্ডেক গোচৰটোৰ পৰা দুখমুক্ত ঘোষণা কৰা হয়

তিনিচুকীয়া জিলা ও সত্ৰ ন্যায়াধীশৰ আদালত
author img

By

Published : Jun 7, 2019, 5:10 PM IST

তিনিচুকীয়া, ৭ জুন : শুকুৰবাৰে প্ৰদান কৰা হ'ল ৰাজ্য কঁপাই তোলা লালিমা দেৱী হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান । যোৰহাট আদালতৰ পৰা তিনিচুকীয়া সত্ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰ আদালতলৈ গোচৰটো স্থানান্তৰিত কৰাৰ পাছতে শেষ ৰায়দান কৰা হয় । মূল অভিযুক্ত বিকাশ দাসক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে উপযুক্ত সাক্ষ্য প্ৰমাণ দিয়াৰ বাবে বিপিন পাণ্ডেক গোচৰটোৰ পৰা দুখমুক্ত ঘোষণা কৰা হয় । দুৰ্ভগীয়া লালিমা দেৱীৰ পৰিয়ালে এটা বছৰৰ অন্তত অপৰাধীয়ে শাস্তি লাভ কৰাত আনন্দিত হৈ পৰিছে ।

ৰাজ্য কঁপোৱা লালিমা দেৱী হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

উল্লেখ্য যে, ২০১৮ চনৰ ১১ জুলাইত অবধ আসাম এক্সপ্ৰেছত চলন্ত ৰেলত ধৰ্ষণ কৰি হত্যা কৰা হৈছিল লালিমা দেবীক আৰু তাৰ পাছতে মৰিয়নিত উদ্ধাৰ হৈছিল তেওঁৰ মৃতদেহ । সমগ্ৰ ৰাজ্যতে কঁপনি তোলা এই ঘটনাৰ পাছতে আৰক্ষীয়ে যুদ্ধকালীন তৎপৰতাৰে বিকাশ দাস আৰু বিপিন পাণ্ডে নামৰ অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰিছিল ।

Intro:STORY:-ৰাজ্য কঁপাই তোলা লালিমা দেৱীৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান:: দোষী বিপিন দাসক যাৱজীৱন কাৰাদণ্ড

OC/VO:-২০১৮ চনৰ ১১জুলাইৰ লালিমা দেৱী হত্যাকাণ্ডৰ শুকুৰবাৰে চূড়ান্ত ৰায়দান কৰে আদালতে।অবোধ আসাম এক্সপ্ৰেছত মৰিয়ানিত উদ্ধাৰ হৈছিল লালিমাৰ মৃতদেহ। চলন্ত ৰেলত ধৰ্ষণ কৰি লালিমাক হত্যা কৰা কৰা হৈছিল। ইয়াৰ পিছতেই ঘটনাটোৱে সমগ্ৰ ৰাজ্যতে কঁপনি তুলিছিল। আৰক্ষীৰ যুদ্ধ কালিন তৎপৰতা ত বিকাশ দাস আৰু বিকাশ পাণ্ডে নামৰ দুজন অভিযুক্ত ক আৰক্ষীয়ে আটক কৰি যোৰহাট আদালতৰ মজিয়াত হাজিৰ কৰিছিল।কিন্তু যোৰহাট আদালতৰ পৰা গোচৰটো তিনিচুকীয়া আদালতলৈ ট্ৰেন্সফাৰ হৈ তিনিচুকীয়া সত্ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰ আদালততে অভিযুক্তৰ ওপৰত শেষ ৰায় দান কৰিছে। মূল অভিযুক্ত বিকাশ দাসক যাৱজীৱন কাৰাদণ্ড বিহাৰ লগতে উপযুক্ত সাক্ষ প্ৰমাণ কৰিব পৰাৰ বাবে বিকাশ পাণ্ডেক গোচৰতোৰ পৰা দুখ মুক্ত ঘোষণা কৰিছে পাৰ্থিৱজ্যোতি শইকীয়া আদালতে।

ইফালে দুৰ্ভগীয়া লালিমা দেৱীৰ পৰিয়ালে এটা বছৰৰ অন্তত অপৰাধীযে শাস্তি লাভ কৰাত আনন্দিত হৈ পৰিছে বুলি জানিব পৰা গৈছে।

Body:BYET:-নৰেশ প্ৰসাদ, অধিবক্তা

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱালৰ ৰিপৰ্ট ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.