তিনিচুকীয়া, 1 এপ্ৰিল : এটা অডিঅ’ ক্লিপে তোলপাৰ লগাইছে ৰাজ্য ৷ অডিঅ’ ক্লিপটোত এগৰাকী বিহাৰী সম্প্ৰদায়ৰ লোকে অশ্ৰাব্য গালি গালাছ কৰিছে অসম আৰু অসমীয়াক (Insult to Assam and Assamese people by a non Assamese) ! অডিঅ’ ক্লিপটো ভাইৰেল হোৱাৰ পাছতেই সৰ্বত্ৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ তিনিচুকীয়াত সংঘটিত হৈছে এই ঘটনা ৷
অডিঅ’ ক্লিপটোত অশ্ৰাব্য গালি গালাজ কৰা লোকজনে নিজকে বিহাৰী সম্প্ৰদায়ৰ লোক বুলি পৰিচয় দিয়ে ৷ অডিঅ’ ক্লিপটোত তেওঁ এজন ডেলিভাৰী এজেন্টক কোনো কথা লৈ অশ্ৰাব্য ভাষাৰে গালি গালাজ কৰে ৷ তেওঁ ইমানতেই ক্ষান্ত নাথাকি এজেন্টজনক অসমীয়া ভাষাত কথা কোৱাৰ বাবে অসমীয়া হোৱাত দম দেখুৱাইছে বুলি ভাবুকি দিয়ে ৷ তেওঁ লগতে এজেন্টজনৰ পৰিচয়কো লৈ প্ৰশ্ন উত্থাপন কৰে ৷
অডিঅ’ ৰেকৰ্ডিঙটোত লোকজনে তিনিচুকীয়াত ৱাৰ্ড কমিচনাৰৰ পৰা মন্ত্ৰী-বিধায়কলৈ সকলো বিহাৰী লোক হ’ব বুলিও ভাবুকি প্ৰদান কৰিছে ৷ ইতিমধ্যে তিনিচুকীয়া সদৰ থানাত এই সন্দৰ্ভত কেইবাটাও দল সংগঠনে এজাহাৰ দাখিল কৰিছে ৷ অতিশীঘ্ৰে প্ৰশাসনক সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা দোষী ব্যক্তিজনক চিনাক্ত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনাইছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ৷
লগতে পঢ়ক : ৰাজ্যসভা লৈ নিৰ্বাচিত হৈ বিটিআৰৰ ভূমিত উপস্থিত ৰণগৌৰা নাৰ্জাৰী