ETV Bharat / city

ৰাইজৰ সঁহাৰি বিচাৰি কাকপথাৰৰ ৰোগাক্ৰান্ত কিশোৰ

author img

By

Published : Oct 20, 2019, 7:43 PM IST

চেন্নাইস্থিত খ্ৰীষ্টিয়ান মেডিকেল কলেজত চিকিৎসাধীন প্ৰতিভাৱান কিশোৰ ৷ সহায়ৰ বাবে অভিভাৱকৰ কাতৰ আহ্বান ৷

ill boy seeks help kakpathar Tinisukia

তিনিচুকীয়া, 20 অক্টোবৰ: কাকপথাৰৰ এগৰাকী মৰমলগা কিশোৰ ৷ কিশোৰজনৰ প্ৰিয় সংগীত ৷ হাতত গীটাৰ লৈ সংগীত সাধনা কৰাৰ মন এই মৰমলগা কিশোৰজনৰ ৷ সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কিশোৰজনৰ কিছু ভিডিঅ' ৷ হাতত গীটাৰ লৈ গাই থকা অসমীয়া,হিন্দী - বিভিন্ন গীতৰ ভিডিঅ'ৰ দৃশ্যাংশ ৷ কিন্তু নিয়তিৰ বিধিয়ে যেন আগুচি ধৰিলে বাট ৷ কাকপথাৰৰ এই কিশোৰজনৰ নাম ঋষৱ দত্ত ৷

বৰ্তমান ডুমডুমা ডনবস্ক'ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ঋষৱ দত্ত আক্ৰান্ত হৈছে -"APLASTIC ANEMIA" নামৰ দুৰাৰোগ্য ৰোগত ৷ বিগত দুটা বছৰ ধৰি চেন্নাইস্থিত খ্ৰীষ্টিয়ান মেডিকেল কলেজত চিকিৎসা গ্ৰহণ কৰি থাকিবলগীয়া হৈছে ঋষৱে ৷ তিনিচুকীয়া জিলাৰ ১ নং কাকপথাৰ গন্ধৈগুৰি গাঁৱৰ নিৱাসী অভিজিত দত্ত আৰু জুৰি নাথ দত্তৰ একমাত্ৰ সন্তান ঋষৱে ২০১৯ বৰ্ষত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ নিজৰ মেধাৰো প্ৰমাণ দিছিল ৷

ৰোগাক্ৰান্ত কিশোৰৰ পিতৃ-মাতৃৰ ৰাইজলৈ সহায় ভিক্ষা

শেহতীয়াকৈ চিকিৎসকে অহা পোন্ধৰ নবেম্বৰৰ ভিতৰত কিশোৰজনৰ ব’ন মে’ৰ সংৰোপনৰ পৰামৰ্শ আগবঢ়াইছে ৷ চিকিৎসকে চিকিৎসাৰ ব্যয় ৩৫ লাখৰ পৰা ৫৫ লাখলৈ বুলি জানিবলৈ দিছে ৷ ইতিমধ্যে চিকিৎসাৰ নামত সৰ্বস্ব হেৰুৱাই পেলোৱা ছাত্ৰজনৰ অভিভাৱকৰ ইমান বৃহৎ পৰিমাণৰ ধনৰ কথা শুনি বিবুধিত পৰিছে কিশোৰজনৰ অভিভাৱকদ্বয় ৷ উপায়ন্তৰ হৈ অভিভাৱকে সহায়ৰ বাবে অনুৰোধ কৰিছে চৰকাৰ, শিল্পী সমাজ তথা সমগ্ৰ অসমবাসীলৈ ৷ আহকচোন, কিশোৰজনৰ আৰোগ্যৰ বাবে আমিও যৎপৰোনাস্তি সহায়ৰ হাত আগবঢ়াওঁ ৷ ইচ্ছুক ব্যক্তিয়ে নিম্নোলিখিত ধৰণে কিশোৰজনলৈ সহায়ৰ হাত আগবঢ়াব পাৰে ৷

ABHIJIT DUTTA

State Bank Of India

Rupai Siding Branch

A/C No-20375902730

IFSC Code-SBIN0017252

GOOGLE PAY No- 9707885936

Intro:Sl-----হৃদয় বিদাৰক//নুমাই যাবলৈ খুজা প্ৰজ্জ্বলিত এগছি বন্তি নুমাবলৈ নিদিবৰ বাবে ৰাইজলৈ গোহাৰি অভিভাৱকৰ ৷ সহায়ৰ বাবে আহ্বান সকলোলৈ ৷

V/O--- কাকপথাৰ: : এখনি অতি মৰম লগা চেহেৰা মুখমণ্ডল ৷ সকলো সময়তে বিৰিঙি থাকে মুখত এটি সকলোকে আকৃষ্ট কৰিব পৰা মিঠা হাঁহি ৷ চকুত যেন অজস্ৰ সপোনৰ চিকমিকনি ৷ সাঁতুৰি ফুৰে হাতত গীতাৰ খন লৈ সংগীতৰ বিশাল সাগৰত ৷

সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এজন ছাত্ৰৰ কিছু ভিডিঅ ৷ হাতত গীতাৰ লৈ গাই থকা অসমীয়া,হিন্দী বিভিন্ন গীতৰ ভিডিঅৰ দৃশ্যাংশ ৷

তিনিচুকীয়া জিলাৰ ১ নং কাকপথাৰ গন্ধৈগুৰি গাঁৱৰ নিৱাসী অভিজিত দত্ত আৰু জুৰি নাথ দত্তৰ একমাত্ৰ সন্তান ২০১৯ বৰ্ষত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বৰ্তমান ডুমডুমা ডন্ বস্ক উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ঋষৱ দত্তই বিগত দুটাৰ বছৰৰ পৰা চেন্নাইস্থিত খ্ৰীষ্টিয়ান মেডিকেল কলেজত চিকিৎসা গ্ৰহণ কৰি আছে "APLASTIC ANEMIA" নামৰ দূৰাৰোগ্য ৰোগৰ৷

শেহতীয়াকৈ চিকিৎসকে অহা পোন্ধৰ নবেম্বৰৰ ভিতৰত ব’ন মে’ৰ সংৰোপনৰ পৰামৰ্শ আগবঢ়াইছে ছাত্ৰজনৰ ৷ চিকিৎসকে চিকিৎসাৰ ব্যয় ৩৫লাখৰ পৰা ৫৫লাখলৈ বুলি জানিবলা দিছে ৷ ইতিমধ্যে চিকিৎসাৰ নামত সৰ্বস্ব হেৰুৱাই পেলোৱা ছাত্ৰ জনৰ অভিভাৱকৰ ইমান বৃহৎ পৰিমানৰ ধনৰ কথা শুনি মূূূৰত যেন ভাগি পৰিল আকাশ খন ৷ উপায়ন্তৰ হৈ অভিভাৱকে সহায়ৰ অনুৰুধ কৰিছে চৰকাৰ , শিল্পী সমাজ তথা সমগ্ৰ অসম বাসীলৈ ৷ ইচ্ছুক ব্যক্তিয়ে

ABHIJIT DUTTA
State Bank Of India
Rupai Siding Brance
A/C No-20375902730
IFSC Code-SBIN0017252
GOOGLE PAY No- 9707885936

আৰ্থিক সহায় আগবঢ়াব পাৰিব ৷Body:Byte : father & MotherConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.