তিনিচুকীয়া, 27 ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ চেলেংগুৰীত দুৰ্ঘটনাতপতিত হ’ল এখন চোৰাং কয়লা ভৰ্তি ট্ৰাক ৷ অৰুণাচল প্ৰদেশৰ খাৰচাঙৰ পৰা আহি থকা অৱস্থাত RJ-08GB-5801নম্বৰৰ কয়লা পৰিবাহী ট্ৰাকখন বাগৰি পৰে ৰাষ্ট্ৰীয় পথৰ কাষত ৷
ট্ৰাকখনত অত্যাধিক কয়লা কঢ়িয়াই অনাৰ বাবেই দুৰ্ঘটনাত পতিত হোৱা বুলি আশংকা কৰিছে স্থানীয় ৰাইজে ৷ এই দুৰ্ঘটনাত গাড়ীখনৰ চালকজন গুৰুতৰভাৱে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ট্ৰাকখনত থকা কেঁচা কয়লাখিনি বৰ্তমানৰ লৈকে কোনো নথি-পত্ৰ লাভ নকৰাত আৰক্ষীয়ে চোৰাং কয়লা বুলি সন্দেহ কৰিছে ৷
উল্লেখ্য যে,অৰুণাচল প্ৰদেশৰ পৰা অব্যাহত থকা চোৰাং কয়লা সৰবৰাহত স্থানীয় বিধায়ক বলীন চেতিয়া জড়িত থকাৰ কথা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈ অহাৰ মাজতে এই দুৰ্ঘটনা হোৱা চোৰাং কয়লা গাড়ীখন সৰবৰাহতো বিজেপিৰ যুৱ মৰ্চাৰ শদিয়া জিলা সমিতিৰ কেইজনমান নেতা জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷