তিনিচুকীয়া, 14 আগষ্ট : ভাৰতৰ 74 সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে ৰাজ্যৰ 29 গৰাকী আৰক্ষীৰ লগতে 6 গৰাকী অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়ালৈ মুখ্যমন্ত্ৰীৰ আৰক্ষী মেডেল ঘোষণা ৷ অসম আৰক্ষীক প্ৰতিনিধিত্ব কৰি তিনিচুকীয়া জিলাত কাৰ্যনিৰ্বাহক কৰি থকা দুগৰাকীকৈ আৰক্ষী বিষয়াই লাভ কৰিছে মুখ্যমন্ত্ৰীৰ আৰক্ষী মেডেল ।
তিনিচুকীয়া জিলাত APS আৰক্ষী বিষয়া হিচাপে জনসাধাৰণলৈ আগবঢ়োৱা অনন্য সেৱাৰ বাবে এই সন্মান লাভ কৰিছে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতি আৰু উপ-আৰক্ষী অধীক্ষক বিতুল চেতিয়াই ৷