তিনিচুকীয়া, 8 অক্টোবৰ: সমগ্ৰ ৰাজ্যৰ লগতে উজনি অসমৰ বাণিজ্যনগৰীখ্যাত তিনিচুকীয়া চহৰত অব্যাহত আছে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উলাহ ৷ সোমবাৰে মহানৱমীৰ নিশা মা দুৰ্গাৰ আৰ্শীবাদ ল'বলৈ বহু সংখ্যক ভক্ত প্ৰাণ ৰাইজৰ সমাগম ঘটে তিনিচুকীয়া চহৰত৷ কিন্তু নৱমীৰ নিশা দুৰ্গাপূজাৰ মাজতে তিনিচুকীয়া চহৰৰ ৰাজপথত অমিতাভ বচ্চনক দেখি অভিভূত হৈ পৰিল পূজা চাবলৈ অহা ৰাইজ ৷ আচলতে সেইজন অমিতাভ বচ্চন নহয়, সাৰদা গ্ৰুপৰ দ্বাৰা আয়োজিত দুৰ্গা পূজা মণ্ডপ প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰিবলৈ নৱমীৰ নিশা তিনিচুকীয়া চহৰত উপস্থিত হোৱা অমিতাভ বচ্চনৰ দৰে একেই চেহেৰা আৰু কণ্ঠৰ অধিকাৰী তথা বলিউডৰ ছেহেনশ্বাহৰ ফটোকপি খ্যাত শশীকান্ত পেডৱালহে ৷
বহু ছবিত অমিতাভ বচ্চন হৈ অভিনয়ো কৰিছে শশীকান্ত পেডৱালহে ৷ নিশালৈ তেওঁ নিজ হাতেৰে সাৰদা গ্ৰুপে আয়োজন কৰা প্ৰতিযোগিতাত স্থান প্ৰাপ্ত সমিতি সমূহক পুৰস্কাৰ প্ৰদান কৰে ৷ ইফালে অসম ভ্ৰমণ তেওঁৰ বাবে এটা অতি ৰোমাঞ্চকৰ অভিজ্ঞতা বুলি তেওঁ সাংবাদিকৰ আগত শশীকান্তই জানিবলৈ দিয়ে ৷