ETV Bharat / city

বাঘজান : ক্ষতিপূৰণ দাবীত অনিৰ্দিষ্টকাললৈ অইল অৱৰোধ কাৰ্যসূচী - Baghjan Protest

বাঘজানৰ ৰাইজে উচিত ক্ষতিপূৰণ পোৱাৰ দাবীত অনিৰ্দিষ্টকাললৈ অইল অৱৰোধ কাৰ্যসূচী । বাঘজান গাঁৱলৈ প্ৰৱেশ কৰা দুয়োফালে পথ অৱৰোধ ।

Baghjan Victims Demand compensation
বাঘজান : ক্ষতিপূৰণ দাবীত অনিৰ্দিষ্টকাললৈ অইল অৱৰোধ কাৰ্যসূচী
author img

By

Published : Sep 17, 2020, 9:24 PM IST

তিনিচুকীয়া, 17 ছেপ্তেম্বৰ : আজি 114 টা দিনে জ্বলি আছে বাঘজানৰ বিধ্বংসী জুইকুৰা । বাঘজানৰ ৰাইজে আজিও নিজৰ ঘৰ-বাৰী এৰি অনাই বনাই ঘূৰি ফুৰিব লগা হৈছে । অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষক নিজৰ ক্ষতিপূৰণ বিচাৰি বাৰম্বাৰ প্ৰতিবাদ কৰিছে যদিও আজি পৰ্যন্ত পোৱা নাই উপযুক্ত ক্ষতিপূৰণ। যাৰ বাবে বৃহস্পতিবাৰে বাঘজান ৰাইজে বাঘজান গাঁৱলৈ প্ৰৱেশ কৰা দুয়োফালে অস্থায়ী শিবিৰ পাতি গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ।

বাঘজানত অইল অৱৰোধ কাৰ্যসূচী

ইতিমধ্যে বন্ধ কৰি থোৱা হৈছে বাঘজান EPSৰ উৎপাদন । লগতে বাঘজানবাসী ৰাইজক অতিশীঘ্ৰে উচিত ‌‌ক্ষতিপূৰণ নিদিলে বাঘজানৰ উৎপাদন অনিৰ্দিষ্ট কাললৈ বন্ধৰ ঘোষণা প্ৰতিবাদকাৰীৰ ।

ক্ষতিপূৰণ দাবীত অনিৰ্দিষ্টকাললৈ অইল অৱৰোধ কাৰ্যসূচী

উল্লেখ্য যে,অইল ইণ্ডিয়াই বাঘজানত ক্ষতি হোৱা লোক সকলক A, B আৰু C তিনিটা ভাগত বিভক্ত কৰিছে । ইয়াৰে A শাখাৰ 12 টা পৰিয়ালক 25 লাখ টকাকৈ দিলে যদিও বাকী লোক সকলে এতিয়াও পোৱা নাই কোনো ধৰণৰ ক্ষতিপূৰণ ৷

লগতে চাওক-UAE ত আইপিএল 2020

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.