ETV Bharat / city

ৰঙাপৰাৰ সন্ধানহীন এন ডি এফ বিৰ নেতাৰ আদ্যশ্ৰাদ্ধ সম্পন্ন - নাগালেণ্ডৰ ডিমাপুৰ

ৰঙাপৰাৰ কয়লাজুলিত সন্ধানহীন এন ডি এফ বিৰ নেতাৰ আদ্যশ্ৰাদ্ধ সম্পন্ন ৷ 18 বছৰে সন্ধানহীন এন ডি এফ বি দ্বিপেন দৈমাৰী ৷ থাইগাৰবাৰী গাঁৱৰ বাসগৃহত নিৰ্মাণ কৰা হয় এটি শ্বহীদ বেদী ৷

ৰঙাপৰাৰ সন্ধানহীন এন ডি এফ বিৰ নেতাৰ আদ্যশ্ৰাদ্ধ সম্পন্ন
সন্ধানহীন এন ডি এফ বিৰ নেতাৰ আদ্যশ্ৰাদ্ধ সম্পন্ন
author img

By

Published : Mar 22, 2021, 8:21 AM IST

ৰঙাপৰা, 22 মাৰ্চঃ সুদীৰ্ঘ 18 টা বছৰে এটা সশস্ত্ৰ সংগঠনৰ এজন শীৰ্ষ নেতা সন্ধানহীন অৱস্থাতে পৰিয়ালে লোকে আদ্যশ্ৰাদ্ধ সম্পন্ন কৰিলে । পৰিয়ালৰ লোকে কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি অৱশেষত এই সিদ্ধান্ত লয় । উল্লেখ্য যে পৃথক বড়োলেণ্ড গঢ়াৰ সপোন দেখি ১৯৮৬ চনৰ ৩ অক্টোবৰৰ জন্ম লাভ কৰা তেতিয়াৰ বড়ো চিকিউৰটি ফৰ্চ চমুকৈ বি এছ এফ নামৰ উগ্ৰপন্থী সংগঠনটোত যোগদান কৰিছিল দ্বিপেন দৈমাৰীয়ে ৷

ৰঙাপৰাৰ সন্ধানহীন এন ডি এফ বিৰ নেতাৰ আদ্যশ্ৰাদ্ধ সম্পন্ন

ৰঙাপৰা কয়লাজুলিৰ থাইগাৰবাৰী গাঁৱৰ সুঠাম যুৱক দ্বিপেন দৈমাৰীয়ে ওৰফে বি দেৰহাচদাই প্ৰথম অৱস্থাত সংগঠনটোত সদস্য হিচাপে যোগদান কৰিছিল আৰু 1994 চনত বি এচ এফৰ পৰা এন ডি এফ বি নামেৰে নামাকৰণ হোৱাৰ পিছত সংগঠনটোৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব পালন কৰিছিল ।

2004 চনৰ 6 জুনত নাগালেণ্ডৰ ডিমাপুৰৰ মাওখুলিনীত এটি ভাড়া ঘৰত পত্নী আৰু একমাত্ৰ পুত্ৰৰ সৈতে থকা অৱস্থাত নিশা সেনাৰ দলে বি দেৰহাচদাক আটক কৰি লৈ যোৱাৰ পিছৰে পৰা আজিলৈকে ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে দ্বিপেন দৈমাৰীয়ে । দ্বিপেন বড়োৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থতে থাইগাৰবাৰী গাঁৱৰ বাসগৃহত এটি শ্বহীদ বেদী নিৰ্মাণ কৰা হয় ৷ শ্বহীদ বেদীটো উন্মোচন কৰে এন ডি এফ বিৰ (প্ৰগতিশীল) সভাপতি ধীৰেন্দ্ৰ বড়োয়ে ৷ প্ৰাক্তন এন বি এফ বিৰ নেতা গোপাল ৰাভাই কয় "বীৰ যুদ্ধা দ্বিপেন দৈমাৰী আমাৰ মাজত সদায় থাকিব । যি জাতিয়ে বীৰ পূজা নকৰে, যি জাতিয়ে বীৰক পূজা কৰিবলৈ নিশিকে সেই জাতিৰ মাজত বীৰৰ জন্ম নহয়"।

লগতে পঢ়কঃবিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.