তেজপুৰ, 28 এপ্ৰিল : তেজপুৰ মহাবিদ্যালয়ত "গংগা এখনি বোৱতী হিয়া" শীৰ্ষক বোলছবিখনৰ প্ৰচাৰৰ বাবে উপস্থিত হ’ল অসমীয়া বোলছবি জগতৰ দুজন জনপ্ৰিয় তাৰকা অৰূপ বৈশ্য আৰু প্ৰস্তুতি পৰাশৰ (New Assamese Film Ganga) ৷ প্ৰচাৰৰ সময়ত ছবিখনত অভিনয় কৰা দুগৰাকী শিশুশিল্পীয়ে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যক্ষসকলক যথেষ্ট নৃত্য-গীতৰ মাধ্যমৰে মনোৰঞ্জন যোগোৱা দেখা গ’ল ৷
"গংগা-এখনি বোৱতী হিয়া" ছবিখনক লৈ আশাবাদী ছবিখনৰ লগত জড়িত প্ৰতিগৰাকী শিল্পী ৷ অসমীয়া ছবি জগতৰ উদ্যোগটোৰ উন্নতিৰ বাবে অসমীয়াই উঠি-পৰি লাগিব বুলি মত প্ৰকাশ কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে (Assamese Film of 2022) ৷ দাক্ষিণাত্যৰ ছবিৰ দৰে অসমীয়া ছবিৰ স্থিতি সুদৃঢ় কৰিবলৈ প্ৰতিগৰাকী অসমীয়াই আন ভাষাৰ ছবিৰ লগতে প্ৰথমতে অসমীয়া ছবি উপভোগ কৰিব বিচাৰিব লাগিব বুলিও সদৰি কৰে অভিনেত্ৰী গৰাকীয়ে ৷
ক’ভিড সৃষ্ট পৰিৱেশৰ পিছত অসমীয়া আৱেগ লৈ এখন পূৰ্ণাংগ ছবি দৰ্শকৰ মাজলৈ অহা বুলি প্ৰকাশ কৰে অভিনেতা অৰূপ বৈশ্যই ৷ তেওঁলোকে মহাবিদ্যালয়খনত উপস্থিত হৈ সকলোকে ছবিখন উপভোগ কৰিবলৈ আহ্বান জনায় ৷ গংগা এখনি বোৱতী হিয়াই 6 মে’ত মুক্তি লাভ কৰিব (Assamese movie Ganga release date) ৷
লগতে পঢ়ক: New assamese film Ganga : ৰাইজৰ অভূতপূৰ্ব সঁহাৰিত আপ্লুত টীম গংগা