তেজপুৰ, ২ মাৰ্চ : ঢেকিয়াজুলিত এতিয়া বলিছে পৌৰ নিৰ্বাচনৰ গৰম বতাহ ৷ ঢেকিয়াজুলি পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থীসকলৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলাইছে স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে । মঙলবাৰে নিশা ঢেকিয়াজুলি চহৰৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক বিশাল ৰোড শ্ব’ বাহিৰ কৰে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংঘলে(Minister Ashok Singhal roadshow in Dhekiajuli) ।
পৌৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দহগৰাকী প্ৰাৰ্থীৰ লগতে সহস্ৰাধিক দলীয় সমৰ্থক লৈ ৰোড শ্ব’ কৰি ৰাজ্যখনৰ ৮০ খন পৌৰ নিগমৰ ৱাৰ্ডত জয় প্ৰায় নিশ্চিত বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে অসমত কংগ্ৰেছ নাই বুলি উল্লেখ কৰি কংগ্ৰেছৰ কথা কি ক’ম বুলিহে দলটোক কৰিলে ঠাট্টা ৷
লগতে পঢ়ক : Assam civic poll : বোকাখাতৰ আটাইকেইখন আসন লাভৰ দাবী অতুল বৰাৰ