ETV Bharat / city

তেজপুৰৰ চক বজাৰত পুনৰ অগ্নিকাণ্ড: মিছন চাৰিআলিত জ্বলি উঠিল i20 বাহন

author img

By

Published : Apr 23, 2022, 11:24 AM IST

তেজপুৰত শনিবাৰে পুৱতি নিশা দুটাকৈ পৃথক স্থানত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা(Massive fire break out at Tezpur) । এফালে তেজপুৰ চক বজাৰত ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড(Massive Fire at chowk bazaar in Tezpur) সংঘটিত হোৱাৰ বিপৰীতে তেজপুৰ মিছন চাৰিআলিত ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ(ক)ত অগ্নিদগ্ধ হয় এখন i20 বাহন ।

Massive Fire at chowk bazaar in Tezpur
তেজপুৰৰ চক বজাৰত পুনৰ অগ্নিকাণ্ড

তেজপুৰ, ২৩ এপ্ৰিল : তেজপুৰ চক বজাৰত শনিবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড(Massive Fire at chowk bazaar in Tezpur) ৷ আৰক্ষীৰ সূত্ৰত জানিব পৰা মতে, অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় প্ৰায় তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ অৱশ্যে বৰ্তমানলৈ ক্ষয়ক্ষতি আৰু অগ্নিকাণ্ড সংঘটিত হোৱাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই ৷

তেজপুৰ স্বাভিমান ঐতিহাসিক চক বজাৰখন মাত্ৰ এবছৰ পূৰ্বে অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে চাৰখাৰ হৈছিল আৰু দুমাহ পূৰ্বে পুনৰ নিৰ্মাণ কৰি তোলা হৈছিল ৷ ইয়াৰ পাচতেই শনিবাৰে পুৱতি নিশা ইয়াত পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত অঞ্চলটোৰ সকলো লোক ৰাজপথলৈ ওলাই আহে ।

জানিব পৰা মতে, তেজপুৰ পৌৰসভাৰ এইসমূহ প্ৰতিষ্ঠানৰ সমীপত সন্ধিয়াৰ লগে লগে চলে অবৈধ সুৰা আৰু জুৱাৰ আদ্দা৷ চহৰৰ মাজমজিয়াত সদৰ থানাৰ সমীপতে চলি থকা এই আড্ডাৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ৷

আনহাতে তেজপুৰ মিছন চাৰিআলিটো পুৱতি নিশা সংঘটিত হয় আন এক অগ্নিকাণ্ড ৷ মিছন চাৰিআলিৰ ৩৭ ৰাষ্ট্ৰীয় ঘাইপথত অগ্নিদগ্ধ হয় এখন i20 বাহন(Cars catching fire in 37 NH) । ৰাষ্ট্ৰীয় ঘাইপথটোত কলিয়াবৰৰ দিশৰ পৰা অহা এখনে i20 বাহনে টেংকাৰত খুন্দা মৰাৰ ফলত বাহনখন জ্বলি উঠে আৰু সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।

লগতে পঢ়ক : পহিলা ব’হাগৰ ধুমুহাই বঙাইগাঁৱত তচনচ কৰিলে খেতিয়কৰ সপোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.