ETV Bharat / city

ডিটেনশ্যন কেম্পত মৃত্যু হোৱা ব্যক্তিৰ মৃতদেহ চমজি ল'বলৈ পৰিয়ালৰ অস্বীকাৰ - তেজপুৰ ডিটেনশ্যন কেম্পত ব্যক্তিৰ মৃত্যু বাতৰি

জি এম চি এইচত মৃত্যু ঘটিল তেজপুৰ ডিটেনশ্যন কেম্পত থকা দুলাল চন্দ্ৰ পালৰ ৷

ডিটেনশ্যন কেম্প মৃত্যু হোৱা দুলাল চন্দ্ৰ পাল (ফাইল ফটো)
author img

By

Published : Oct 17, 2019, 12:28 AM IST

তেজপুৰ, 16 অক্টোবৰঃ জি এম চি এইচত মৃত্যু ঘটিল তেজপুৰ ডিটেনশ্যন কেম্পৰ দুলাল চন্দ্ৰ পাল নামৰ লোক এজনৰ । ৫ দিন উকলি যোৱাৰ পাছতো মৃতদেহ চমজি ল'বলৈ পৰিয়ালৰ লোকে অস্বীকাৰ কৰিছে । চিকিৎসালয়ৰ মৰ্গতে ৫ দিন ধৰি পৰি আছে দুলাল চন্দ্ৰ পালৰ মৃতদেহটো ।

উল্লেখযোগ্য যে, ২০১৭ চনৰ ১১ অক্টোবৰ তাৰিখে এফ টি ( এ ) গোচৰ নং ২২৩/২০১৭ ৰ অধীনত ঢেকীয়াজুলি আলিচিঙাৰ দুলাল চন্দ্ৰ পালক বিদেশী নাগৰিক বুলি ঘোষণা কৰি তেজপুৰ ডিটেনশ্যন কেম্পত ভৰ্তি কৰোৱা হৈছিল । দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল দুলাল চন্দ্ৰ পাল । ২৮ ছেপ্টেম্বৰত জি এম চি এইচত তেখেতক ভৰ্তি কৰোৱাৰ পাছত চিকিৎসাধীন অৱস্থাতে ১১ অক্টোবৰত লোকজনৰ মৃত্যু হয় । বৰ্তমান মৃতদেহটো চমজি লবলৈ অস্বীকাৰ কৰিছে মৃত দুলাল চন্দ্ৰ পালৰ পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে মৃত পালক ভাৰতীয় বুলি ঘোষণা কৰক নহয় তেখেতৰ মৃতদেহ বাংলাদেশলৈ পঠিয়াই দিয়ক বুলি প্ৰশাসনক দাবী জনাইছে ।

Intro:৫ দিন উকলি যোৱাৰ পাছতো মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ ডিটেনশ্যন কেম্পৰ দুলাল চন্দ্ৰ বৰাৰ পৰিয়ালৰ লোকৰ

Body:জি এম চি এইছত মৃত্যু তেজপুৰ ডিটেনশ্যন কেম্পত থকা দুলাল চন্দ্ৰ বৰাৰ। ৫ দিন উকলি যোৱাৰ পাছতো মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ পৰিয়ালৰ লোকৰ। চিকিৎসালয়ৰ মৰ্গতে ৫ দিন ধৰি আছে মৃতদেহটো।

উল্লেখযোগ্য যে ২০১৭ চনৰ ১১ অক্টোবৰ তাৰিখে এফ টি ( এ ) গোচৰ নং ২২৩/২০১৭ ৰ অধীনত ঢেকীয়াজুলি আলিচিঙাৰ দুলাল চন্দ্ৰ পালক বিদেশী নাগৰিক বুলি ঘোষণা কৰি তেজপুৰ ডিটেনশ্যন কেম্পত ভৰ্তি কৰোৱা হৈছিল।

দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল দুলাল চন্দ্ৰ পাল। ২৮ ছেপ্টেম্বৰত জি এম চি এইছত তেখেতক ভৰ্তি কৰোৱাৰ পাছত চিকিৎসাধীন অৱস্থাতে ১১ অক্টোবৰত মৃত্যু হয়।

বৰ্তমান মৃতদেহটো চমজি লবলৈ অস্বীকাৰ কৰিছে মৃত দুলাল চন্দ্ৰ পালৰ পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকৰ মন্তব্য হয় তেখেতক ভাৰতীয় বুলি ঘোষণা কৰক নহয় তেখেতৰ মৃতদেহ বাংলাদেশলৈ পঠিয়াই দিয়ক।Conclusion:Asrar Ansari
Guwahati

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.