ETV Bharat / city

Exclusive Interview with Bhabesh Kalita: ৰাজ্যৰ বিৰোধী দলক হতাশাগ্ৰস্ত তথা দিশহাৰা আখ্যা ভৱেশ কলিতাৰ

‘‘বিৰোধী দলৰ লোকসকলক শিক্ষাৰ দ্বাৰা প্ৰসাৰিত কৰিব নোৱাৰাটো প্ৰধান সমস্যা আৰু বৰ্তমানৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ (Family centered politics) বাবে বিৰোধীয়ে সবল ভূমিকা গ্ৰহণ কৰিব পৰা নাই ।’’ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।

author img

By

Published : Jul 28, 2022, 5:10 PM IST

Exclusive Interview with Bhabesh Kalita
Exclusive Interview with Bhabesh Kalita

তেজপুৰ, ২৮ জুলাই : ‘‘ৰাজ্যত বিৰোধী দল বৰ্তমান হতাশাগ্ৰস্ত আৰু দিশহাৰা ৷ তাৰ বাবে সবল বিৰোধীৰ ভূমিকা পালন কৰিব পৰা নাই ।’’ এই মন্তব্য ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ (Bhbaesh Kalita termd opposition as frustrated)। তেজপুৰত ই টিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সভাপতি কলিতাই কয় যে, বিৰোধী দলৰ লোকসকলক শিক্ষাৰ দ্বাৰা প্ৰসাৰিত কৰিব নোৱাৰাটো প্ৰধান সমস্যা আৰু বৰ্তমানৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ (Family centered politics)বাবে বিৰোধীয়ে সবল ভূমিকা গ্ৰহণ কৰিব পৰা নাই । গণতান্ত্ৰিক দেশত বিৰোধীৰ ভূমিকা সবল হোৱাটো অতি প্ৰয়োজনীয় আৰু তেতিয়াহে এখন চৰকাৰ ভালদৰে চলে বুলি তেওঁ মন্তব্য কৰে ।

অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

তেওঁ লগতে কয় যে, বিৰোধী দল শাসনত সুদীৰ্ঘ ১৫ বছৰ ধৰি আছিল, কিন্তু জনসাধাৰণৰ হিত সাধন নহ’ল ৷ বিজেপিৰ চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত দেশত দৰিদ্ৰ লোকৰ সংখ্যা ১২% ৰ পৰা ১০% লৈ নিম্নগামী হৈছে বুলি তেওঁ মন্তব্য কৰে ৷

আনহাতে, ৰাজ্যত অত্যাধিক মূল্যবৃদ্ধিৰ বাবে উৎপাদিত সামগ্ৰীৰ বিপৰীতে জনসংখ্যা বৃদ্ধিহে মূল কাৰণ বুলি তেওঁ কয় । আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে আৰু ২০২৪ ৰ সাধাৰণ নিৰ্বাচনৰ বাবে বিজেপি দলে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে বুলি কলিতাই জনায় ।

লগতে পঢ়ক : Ajanta Neogs controversy: সুৰক্ষা কৰ্মীয়ে অজানিতে কৰা অপৰাধৰ বাবে মন্ত্ৰী বা সাংসদ জগৰীয়া নহয়: ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.