ETV Bharat / city

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে দল হৰিণৰ সংখ্যা - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দল হৰিণৰ গণনা

সম্পূৰ্ণ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দল হৰিণৰ গণনা(Eastern Swamp Deer census in Kaziranga) ৷ এইবাৰৰ মুঠ গণনা পদ্ধতিত 868 টা দল হৰিণ পোৱা গৈছে ৷

Eastern Swamp Deer census in Kaziranga
Eastern Swamp Deer census in Kaziranga
author img

By

Published : Jan 19, 2022, 9:49 AM IST

Updated : Jan 19, 2022, 11:20 AM IST

তেজপুৰ, 19 জানুৱাৰী : প্ৰথমবাৰৰ বাবে সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্পন্ন কৰা হৈছে দল হৰিণৰ গণনা (Eastern Swamp Deer census in Kaziranga) ৷ 10 জানুৱাৰীত ৰাষ্ট্ৰীয় উদ্যানত আৰু 11 জানুৱাৰীত ব্ৰাঘ্য প্ৰকল্পসমূহত দল হৰিণৰ গণনা কৰা হয় । ইয়াৰ আগতে, সমগ্ৰ গণনা প্ৰক্ৰিয়াটো কৰা হৈছিল কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত (Eastern swamp deer in Kaziranga National park) । এইবাৰৰ মুঠ গণনা পদ্ধতিত 868 টা দল হৰিণ পোৱা গৈছে ৷ ইয়াৰে 173 টা মতা, 557 জনী মাইকী আৰু 138 বয়সস্থ বুলি জানিব পৰা গৈছে ।

Eastern Swamp Deer census in Kaziranga
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে দল হৰিণৰ সংখ্যা

অৱশ্যে 2018 চনৰ গণনাত কৈ এইবাৰ তুলনামূলকভাৱে দল হৰিণৰ সংখ্যা হ্ৰাস পোৱা দেখা গৈছে (Eastern swamp deer population decreases in Kaziranga)৷ ২০১৮ চনৰ গণনাত ৯০৭ টা দল হৰিণ পোৱা গৈছিল । এই হ্ৰাসৰ মূল কাৰণ হৈছে মধ্যৱৰ্তী সময়ত 2019 আৰু 2020 বৰ্ষত অহা দুটাকৈ প্ৰলয়ংকৰী বান । অঞ্চল অনুসৰি পূৱ অসম বিভাগৰ অধীনত 786 টা, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত 62 টা, নগাঁও বন্যপ্ৰাণী বিভাগৰ অধীনত 20 টা হৰিণ পোৱা গৈছে ৷

Eastern Swamp Deer census in Kaziranga
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দল হৰিণৰ গণনা

অভিজ্ঞ আৰু বাহিৰৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰা বন্যপ্ৰাণী বিশেষজ্ঞৰ দ্বাৰা এই গণনা কৰোৱা হৈছে । এই প্ৰক্ৰিয়াত 29 জন গণনাকাৰী, 112 গৰাকী বনকৰ্মী পোনপটীয়াকৈ জড়িত আছিল ।

জলাশয়ৰ পক্ষী গণনা কাৰ্য 2021 চনৰ 21 ডিচেম্বৰৰ পৰা 27 ডিচেম্বৰলৈ ব্যাঘ্ৰ প্ৰকল্প সামৰি সম্পন্ন কৰা হৈছে (Wetland bird census in Kaziranga)৷ এই গণনাত 126 টা প্ৰজাতিৰ মুঠ 66,776 টা চৰাই পোৱা গৈছে ৷ ইয়াৰ ভিতৰত 42,205 টা চৰাই গণনা কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত আৰু 24,571 টা চৰাই গণনা কৰা হৈছিল লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ।

লগতে পঢ়ক : Assam Meghalaya border conflict : কইনাধৰাত মুখ্যমন্ত্রীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক

Last Updated : Jan 19, 2022, 11:20 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.