ETV Bharat / city

নিলয় দত্তৰ সোঁৱৰণী ক্ৰিকেট টুৰ্নামেণ্টত চেম্পিয়নৰ খিতাপ অৰ্জন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ - Dibrugarh university cricket team wins

বিগত 13 ফেব্ৰুৱাৰীৰ পৰা নিলয় দত্তৰ সোঁৱৰণত অসম ক্ৰিকেট সংস্থাই তেজপুৰ বিশ্ববিদ্যালয় ক্ৰিকেট গ্ৰাউণ্ড আৰু অসম কৃষি বিশ্ববিদ্যালয় ক্ৰিকেট গ্ৰাউণ্ডত আয়োজন কৰিছে প্ৰথম বাৰ্ষিক ক্ৰিকেট টুৰ্নামেণ্ট ৷ দেওবাৰে এই টুৰ্নামেণ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে (Dibrugarh university cricket team wins T20 Tournament ) ।

late-niloy-dutta-interuniversity-t-20-cricket-tournament-win-dibrugarh-university
নিলয় দত্তৰ সোঁৱৰণী ক্ৰিকেট টুৰ্নামেণ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেম্পিয়নৰ খিতাপ অৰ্জন
author img

By

Published : Feb 20, 2022, 10:01 PM IST

তেজপুৰ, 20 ফেব্ৰুৱাৰী : বিগত 13 ফেব্ৰুৱাৰীৰ পৰা নিলয় দত্তৰ সোঁৱৰণত অসম ক্ৰিকেট সংস্থা (Assam Cricket Association) ই তেজপুৰ বিশ্ববিদ্যালয় ক্ৰিকেট গ্ৰাউণ্ড (Tezpur University Cricket Ground) আৰু অসম কৃষি বিশ্ববিদ্যালয় ক্ৰিকেট গ্ৰাউণ্ড (Assam Agricultural University Cricket Ground) ত আয়োজন কৰিছে প্ৰথম বাৰ্ষিক ক্ৰিকেট টুৰ্নামেণ্ট ৷ দেওবাৰে তেজপুৰ বিশ্ববিদ্যালয় ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত এই টুৰ্নামেণ্টৰ চূড়ান্ত খেলত টচত জিকি ভট্টদেৱ বিশ্ববিদ্যালয় ক্ৰিকেট দলে বিল্ডিং কৰাৰ সিদ্ধান্ত লয় ৷

late-niloy-dutta-interuniversity-t-20-cricket-tournament-win-dibrugarh-university
নিলয় দত্তৰ সোঁৱৰণী ক্ৰিকেট টুৰ্নামেণ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেম্পিয়নৰ খিতাপ অৰ্জন

এই চূড়ান্ত খেলত ডিব্ৰুগড় বিশ্ববিদ্যাল ক্ৰিকেট দলে 20 অভাৰত তিনিটা উইকেটৰ বিনিময়ত 155 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । প্ৰত্যুত্তৰত ভট্টদেৱ বিশ্ববিদ্যালয় ক্ৰিকেট দলে 19’2 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 110 ৰান কৰিবলৈ সক্ষম হয় । অসমৰ 9 খন বিশ্ববিদ্যালয় ক্ৰিকেট দলে অংশগ্ৰহণ কৰা এই টুৰ্নামেণ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে (Late Niloy Dutta Inter-University T-20 Cricket Tournament win Dibrugarh University) । লগতে মেন অফ দ্যা মেচৰ খিতাপ অৰ্জন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় ক্ৰিকেট দলৰ গুঞ্জনজ্যোতি ডেকাই ৷

তাৰ বিপৰীতে মেন অফ দ্যা চিৰিজৰ খিতাপ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰূপক জেনাই লাভ কৰে । এই প্ৰথম বাৰ্ষিক ক্ৰিকেট টুৰ্নামেণ্টখনৰ বঁটা বিতৰণী অনুষ্ঠানত অসম ক্ৰিকেট সংস্থাৰ সভাপতি ৰমেন দত্ত, তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ডাঃ বিনোদ কুমাৰ জৈন, অসম ক্ৰিকেট সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিকাশ বৰুৱাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট লীগত মেছ ফিক্সিঙৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.