ETV Bharat / city

Covid 19 in Sonitpur: শোণিতপুৰত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা - তেজপুৰত ক’ভিড আক্ৰান্তৰ সংখ্যা

বিহুৰ আনন্দ উল্লাসৰ মাজতে শোণিতপুৰ জিলাৰ বাবে এক উদ্বেগজনক খবৰ ৷ জিলাখনত বৃদ্ধি পাইছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ এই সময়ত শোণিতপুৰত ক’ভিড আক্ৰান্তৰ হাৰ হৈছে ২৩.৮১ শতাংশ (Covid 19 updates of Sonitpur district)।

Covid 19 in Sonitpur
শোণিতপুৰত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা
author img

By

Published : Jan 14, 2022, 10:17 PM IST

তেজপুৰ, ১৪ জানুৱাৰী: শোণিতপুৰ জিলাত মাঘ বিহুৰ দিনাই উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড-19ৰ সংক্ৰমণ (Covid cases increases in Sonitpur district)৷ জিলাখনত শুকুৰবাৰে স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি ৭৫ জন লোক আক্ৰান্ত হৈছে । জিলাখনত ক’ভিড আক্ৰান্তৰ হাৰ হৈছে গৈ ২৩.৮১ শতাংশ ৷ শুকুৰবাৰে তেজপুৰত 315 RAT আৰু 167 RT-PCR পৰীক্ষা কৰাৰ পাছত 75 জন লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে ।

উল্লেখ্য যে, যোৱা ৬ জানুৱাৰীৰ পৰা জিলাখনত 625 জন লোক নতুনকৈ ক’ভিড -19 আক্ৰান্ত হৈছে আৰু কিছু সংখ্যক লোকক হোম আইচ’লেশ্যনত থকাৰ পৰামৰ্শ দিছে স্বাস্থ্য বিভাগে ৷ ৬ জানুৱাৰীৰ পৰা জিলাখনত ২ জন লোক মৃত্যুমুখতো পৰিছে (Covid 19 updates of Sonitpur district)। আনহাতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে দৈনিক ৰাইজক মাইকযোগে ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

এই পৰ্যন্ত ১৫ বছৰৰ পৰা 18 বছৰৰ ভিতৰৰ 37,000 হাজাৰ লোকক ভেকচিন প্ৰদান কৰা হৈছে জিলাখনত ৷ উল্লেখ্য যে, এই অভিযানৰ বাবে স্বাস্থ্য বিভাগে 39 হাজাৰ লোকৰ সীমা নিৰ্ধাৰণ কৰিছিল ৷ আনহাতে জিলাখনত ক’ভিডৰ তৃতীয় পালি ভেকচিনো সমান্তৰালভাৱে প্ৰদান কৰি থকা হৈছে ।

লগতে পঢ়ক: Covid cases increase in Guwahati: ১৫ জানুবাৰীৰ পাছত ক'ভিড পৰিস্থিতিক লৈ কঠোৰ হ'ব গুৱাহাটী প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.