ETV Bharat / city

শোণিতপুৰ জিলা প্ৰশাসনৰ প্ৰায় 40খনৰো অধিক হোটেল হোষ্টেল অধিগ্ৰহণ

শোণিতপুৰ জিলা প্ৰশাসনে কৰ'ণা ভাইৰাছৰ ৰোগীৰ চিকিৎসাৰ বাবে আগতীয়াকৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । জিলা প্ৰশাসনে ইতিমধ্যে চহৰখনৰ প্ৰায় 40 খনৰো হোটেল, হোষ্টেল, আবাসিক গৃহ প্ৰশাসনৰ অধীনলৈ আনিছে । পৰবৰ্তী সময়ত সম্ভাব্য ৰোগীৰ চিকিৎসাৰ বাবে এইসমূহ ব্যৱহাৰ কৰা হ'ব ।

author img

By

Published : Mar 23, 2020, 7:46 PM IST

শোণিতপুৰ জিলা প্ৰশাসনৰ প্ৰায় 40খনৰো অধিক হোটেল হোষ্টেল অধিগ্ৰহণ
শোণিতপুৰ জিলা প্ৰশাসনৰ প্ৰায় 40খনৰো অধিক হোটেল হোষ্টেল অধিগ্ৰহণ

তেজপুৰ, 23 মাৰ্চ : শোণিতপুৰ জিলা প্ৰশাসনে কৰ'ণা ভাইৰাছৰ ৰোগীৰ চিকিৎসাৰ বাবে আগতীয়াকৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । জিলা প্ৰশাসনে ইতিমধ্যে চহৰখনৰ প্ৰায় 40 খনৰো অধিক হোটেল, হোষ্টেল, আবাসিক গৃহ প্ৰশাসনৰ অধীনত আনিছে । পৰবৰ্তী সময়ত সম্ভাব্য ৰোগীৰ চিকিৎসাৰ বাবে এইসমূহ ব্যৱহাৰ কৰা হ'ব বুলি জানিবলৈ দিছে জিলা উপায়ুক্তই ।

যিকোনো মুহূৰ্ততে ৰোগীৰ তাৎক্ষণিক চিকিৎসা প্ৰদান কৰিবৰ বাবে ইতিমধ্যে কেইখনমান ব্যক্তিগত চিকিৎসালয়ো প্ৰায় খালি কৰি ৰখা হৈছে । আনহাতে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তেজপুৰ মেডিকেল কলেজ হাস্পাতাল পৰিদৰ্শন কৰি আছুতীয়া কোঠাসমূহৰ লগতে পৰ্য্যাপ্ত পৰিমাণে আইচিইউৰ বাবেও সাজু হৈ থাকিবলৈ আহ্বান জনায় । লগতে দুই এদিনৰ ভিতৰতে তেজপুৰ মেডিকেল কলেজৰ হাস্পতালত COVID-19ৰ পৰীক্ষাগাৰ ব্যৱস্থা হোৱাৰ কথাও প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.