ETV Bharat / city

তেজপুৰৰ প্ৰাণকেন্দ্ৰ চ'ক বজাৰত ক’ভিড-19 আক্ৰান্ত

author img

By

Published : Jul 22, 2020, 8:57 PM IST

শোণিতপুৰ জিলাত 672 গৰাকীলৈ বৃদ্ধি ক’ভিড-19 আক্ৰান্তৰ সংখ্যা । ক’ভিড-19 ৰ কৱলত তেজপুৰৰ প্ৰাণকেন্দ্ৰ চ'ক বজাৰ ৷ ব্যৱসায়ীৰ মাজত হাহাকাৰ পৰিস্থিতি ৷

Covid-19 Positive Case in Chowak Bazar Tezpur

তেজপুৰ,22 জুলাই : ক্ৰমাৎ কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণৰ দিশে অগ্ৰগতি হৈছে তেজপুৰ । বুধবাৰে তেজপুৰ চ'ক বজাৰত কৰ'ণা পজিটিভ পোৱা ঘটনাই সমগ্ৰ চ'ক বজাৰৰ ব্যৱসায়ী সকলৰ মাজত এতিয়া সৃষ্টি কৰিছে আতংকৰ ।

তেজপুৰৰ প্ৰাণকেন্দ্ৰ চ'ক বজাৰত ক’ভিড-19 আক্ৰান্ত

বুধবাৰে তেজপুৰ চ'ক বজাৰৰ মাছ বজাৰৰ ওচৰৰ কৃষ্ণ ঘোষ নামৰ চাহ দোকানী জনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ আহে । জানিব পৰা মতে,উক্ত চাহ দোকানী জনে চ'ক বজাৰখনৰ বহু ব্যৱসায়ী সকলৰ মাজত বুধবাৰেও যোগান ধৰিছিল চাহ ৷ লোকজনে বুধবাৰৰ পুৱা ভাগত নিজৰ দোকান খুলি চাহৰ যোগান ধৰাৰ বিপৰীতে তেওঁক ক’ভিড হাস্পতাললৈ প্ৰেৰণ কৰাত এতিয়া এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় ব্যৱসায়ী সকলৰ মাজত ।

চ'ক বজাৰত ক’ভিড-19 আক্ৰান্ত
চ'ক বজাৰত ক’ভিড-19 আক্ৰান্ত

এই ঘটনা পোহৰলৈ অহাৰ পাছতেই জিলা প্ৰশাসনে দিনৰ তিনিমান বজাত চ'ক বজাৰ বন্ধ কৰি সম্পূৰ্ণ ভাৱে চেনিটাইজ কৰে । ইপিনে কাইলৈও চ'ক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈছে ।

লক্ষ্যণীয় যে,বুধবাৰে তেজপুৰত কৰ’ণা পজিটিভ ৰোগীৰ সংখ্যা 22 গৰাকলৈ বৃদ্ধি পাইছে ৷ আনহাতে শোণিতপুৰ জিলাখনত বৰ্তমানলৈকে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 672 গৰাকীলৈ ৷

লগতে চাওক-মোনাবাৰী চাহ বাগিছাত নিষিদ্ধ ৰাজনৈতিক নেতা : আটছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.