ETV Bharat / city

শোণিতপুৰত ক'ভিড সজাগতা অভিযান NDRF ৰ - শোণিতপুৰ

শোণিতপুৰত ক'ভিড সজাগতাৰ উদ্দেশ্য জিলাখনৰ বিভিন্ন প্ৰান্তত 'ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী' (NDRF)য়ে আৰম্ভ কৰিছে কৰ'ণা সজাগতা অনুষ্ঠান ৷ ইয়াৰে অংশ হিচাপে ঢেকীয়াজুলি, ৰঙাপৰা আৰু শোণিতপুৰত প্ৰায় 30 হাজাৰ মাস্ক(mask) বিতৰণ কৰিছে NDRF বাহিনীয়ে ৷

Covid-19 Awareness Abhijan by NDRF At Tezpur
শোণিতপুৰত ক'ভিড সজাগতা অভিযান NDRF ৰ
author img

By

Published : Jun 21, 2021, 2:57 PM IST

তেজপুৰ,21 জুন: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ সমগ্ৰ দেশ তথা ৰাজ্যতেই পালন কৰা হৈছে এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ এই যোগ দিৱসৰ দিনটোৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী চমুকৈ (NDRF) বাহিনীৰ লোকসকলে সোমবাৰে তেজপুৰ চহৰৰ মাজ মজিয়াত কভিড-১৯ ৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে ।

ইফালে ৰাজ্যজুৰি কৰ'ণা মহামাৰীয়ে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ সমান্তৰালকৈ শোণিতপুৰ জিলা (Sonitpur district)তো ক'ভিড -১৯ৰ সংক্ৰমণ দৈনিক বৃদ্ধি পাবলৈ ধৰিছে ৷ কৰ'ণাক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে জাৰি কৰিছে আংশিক লকডাউন ব্যৱস্থাৰ লগতে নতুন নতুন SOP ৷ ইফালে শোণিতপুৰ জিলাত প্ৰশাসন তথা স্বাস্থ্য বিভাগে কৰ'ণা সজাগতা, ক'ভিড পৰীক্ষা ইত্যাদিৰ লগতে কৰ'ণা প্ৰতিষেধক প্ৰদান কেন্দ্ৰও বৃদ্ধি কৰিছে ।

শোণিতপুৰত ক'ভিড সজাগতা অভিযান NDRF ৰ

সেই একেই উদ্দেশ্যে 'ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী' (NDRF) বাহিনীৰ লোকসকলে আৰু তেজপুৰৰ 'সৃষ্টি' নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সদস্য সকলে কৰ'ণা সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন সভা তথা সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনটোত কৰ'ণাৰ সজাগতাৰ উদ্দেশ্যে জিলাখনত ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে ।

জিলাখনৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে 10 হাজাৰ লোকক মাস্ক বিতৰণ কৰিছে NDRF বাহিনীয়ে ৷ আনহাতে, "সৃষ্টি" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য সকলেও একেটা অনুষ্ঠানতে বহুলোকক মাস্ক বিতৰণ কৰা বুলি জানিব পৰা গৈছে ।

NDRF বাহিনীৰ লোক সকলে অকল ৰাইজৰ মাজত মাস্ক(mask) বিতৰণ কৰাই নহয়, ৰাইজক ক’ভিড -১৯ৰ সজাগতাৰ শপত বাক্যও পাঠ কৰোৱাই । কৰ'ণাৰ সজাগতাৰ অংশ হিচাপে ঢেকীয়াজুলি আৰু ৰঙাপৰাতো 20 হাজাৰ লোকক এনেদৰে ক’ভিড সজাগতাৰ জৰিয়তে মাস্ক বিতৰণ কৰে NDRF বাহিনীয়ে।

লগতে পঢ়ক-শিৱসাগৰত আৰম্ভ ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.