ETV Bharat / city

ক’ভিডত মৃত্যু হোৱা ৰোগীক সৎকাৰ বিনামূলীয়া কৰিলে শোণিতপুৰ জিলা প্ৰশাসনে

ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সৎকাৰ বিনামূলীয়াকৈ কৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ ৷ মাজনিশা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং ৷ ভিডিঅ’ কলযোগে ক’ভিড ৱাৰ্ডৰ পৰিস্থিতিত বুজ ল’লে উপায়ুক্ত গৰাকীয়ে ৷

author img

By

Published : May 19, 2021, 10:05 PM IST

ক’ভিডত মৃত্যু হোৱা ৰোগীক সৎকাৰ বিনামূলীয়া হ’ব : মুখ্যমন্ত্ৰী

তেজপুৰ, ১৯ মে’: ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীসকলৰ মৃতদেহ শ্মশানলৈ নিয়াৰ বাবদ হোৱা খৰচ তথা মৃতদেহৰ সৎকাৰ বিনামূলীয়াকৈ সম্পন্ন কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ নিৰ্দেশ লাভ কৰাৰ পাছতেই বুধবাৰে এই ক্ষেত্ৰত এক নিৰ্দেশনা জাৰি কৰে শোণিতপুৰ জিলা প্ৰশাসনে ৷

এই ক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়া, খণ্ড পৰ্যায়ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দায়িত্বত থকা চিকিৎসক, আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে ৰাজহ চক্ৰৰ দুজন লট মণ্ডলক সৎকাৰ সুকলমে সম্পন্ন কৰিবলৈ দায়িত্ব অৰ্পন কৰা কৰে ৷ ৰাজহ চক্ৰ বিষয়াসকলক নিজ নিজ এলেকাত মৃতদেহ সৎকাৰ কৰিবলৈ শ্মশানৰ বাবে উপযুক্ত ঠাই চিনাক্ত কৰিবলৈও নিৰ্দেশ জাৰি কৰা হৈছে ৷

উল্লেখ্য যে, ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীসকলৰ মৃতদেহ শ্মাশানলৈ নিয়াৰ বাবে দুখন বিশেষ এম্বুলেঞ্চ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷ এই ক্ষেত্ৰত শোণিতপুৰ জিলাত তলত উল্লেখ কৰে নম্বৰত ৰাইজে যোগাযোগ কৰিব পাৰিব ৷ আয়াতুল ৰহমান, 88765-23843, বাহন–AS12-AC-5275 আৰু ধনেশ্বৰ পটঙীয়া, 9864382576, বাহন AS12-AC-4350 ৷

আনহাতে, বুধবাৰে নিশা ১.৩০ বজাত শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ক’ভিড ৱাৰ্ডৰ আৰু ক’ভিড আই চি ইউত নিয়োজিত চিকিৎসক, নাৰ্চৰ লগত ভিডিঅ’ কলযোগে পৰিস্থিতিৰ বুজ লয় ৷ উপায়ুক্তগৰাকীয়ে চিকিৎসকসকলক নিশাৰ ভাগত বিশেষ তৎপৰ আৰু সষ্টম হৈ থাকিবলৈ আহ্বান জনায় ৷

সংকটজনক অৱস্থাত থকা কোনো ৰোগীয়ে যাতে তাৎক্ষণিক চিকিৎসা লাভ কৰিবলৈ সক্ষম হয় তাৰ প্ৰতি চোকা নজৰ ৰাখিবলৈ আহ্বান কৰে ৷ লগতে এই জটিল সময়তো নিঃস্বাৰ্থে ৰোগীসকলক সেৱা আগবঢ়াই অহাৰ বাবে চিকিৎসক, নাৰ্চ সকলৰ উপায়ুক্তগৰাকীয়ে শলাগ লোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : মুম্বাইত ব্লেক ফাংগাছত আক্ৰান্ত ১১১ গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.