ETV Bharat / city

তেজপুৰত উপস্থিত ‘বৰ্ডাৰ ৰোডছ’ৰ বাইক ৰেলী

author img

By

Published : Nov 10, 2021, 11:42 AM IST

দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিগত 14 অক্টোবৰত সীমান্ত পথ নিৰ্মাণ সংস্থা 'বি আৰ অ'ৰ বাইক ৰেলীৰ ফ্লেগ অফ কৰিছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ মঙলবাৰে এই দলটো নতুন দিল্লীৰ পৰা তেজপুৰত আহি উপস্থিত হয় ৷

border-roads-s-bike-rally-arrived-at-tezpur
তেজপুৰত উপস্থিত ‘বৰ্ডাৰ ৰোডছ’ৰ বাইক ৰেলী

তেজপুৰ, 10 নৱেম্বৰ : তেজপুৰত উপস্থিত 'বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন'ৰ ২১ জনীয়া বাইক ৰেলীৰ দলটো ৷ বিগত 9 নৱেম্বৰত দেশৰ ৰাজধানী নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰা দলটোৱে মঙলবাৰে তেজপুৰ উপস্থিত হয় ৷ এই 21 জনীয়া দলটোত 11 গৰাকী সেনাবাহিনীৰ লোক আৰু বাকী কেইগৰাকী পেছাদাৰী সংগঠনৰ লোক বুলি জানিব পৰা গৈছে ৷

তেওঁলোকে এই বাইক ৰেলীৰ জৰিয়তে দেশৰ ৰাজধানীৰ পৰা সীমান্তৰ পাদদেশত উপস্থিত হৈ লোকসকলৰ সৈতে বাৰ্তা প্ৰেৰণ কৰাৰ এক প্ৰয়াস কৰিছে ৷ লগতে সীমান্ত পথ নির্মাণকাৰী 'বৰ্ডাৰ ৰোডছ’এ পথ সুৰক্ষা সম্পৰ্কে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ সদায় চেষ্টা অব্যাহত ৰাখিছে ।

দলটোৱে তেজপুৰ 'প্ৰজেক্ট ভৰত্বক'ৰ পৰা অৰুণাচল প্ৰদেশৰ সীমান্তলৈকে যোৱাৰ পৰিকল্পনা হাতত লোৱা বুলি জানিব দিয়ে ।

ইয়াৰোপৰি এই দীঘলীয়া যাত্ৰাৰ সময়তে বৰ্ডাৰ ৰোডছৰ সঞ্চালক প্ৰধানৰ নেতৃত্বত 'বৰ্ডাৰ ৰোডছ'ৰ বিষয়াসকলে প্ৰাক্তন সেনাবাহিনীৰ লোকসকলক আৰু বীৰ নাৰী সকলৰ মাজতো ভাতৃত্ববোধৰ মনোভাৱ আদান প্ৰদান কৰে ।

উল্লেখ্য যে, দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিগত 14 অক্টোবৰত সীমান্ত পথ নিৰ্মাণ সংস্থা 'বি আৰ অ'ৰ বাইক ৰেলিৰ ফ্লেগ অফ কৰিছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

লগতে পঢ়ক : IIT গুৱাহাটীত চাৰিটাকৈ ড্ৰোণ টেকন’ল’জি কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.