ETV Bharat / city

তেজপুৰত বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি এটা পৰিয়াল : আহত তিনি - তেজপুৰ

তেজপুৰত বিজেপিৰ ঘনিষ্ঠ গুন্দাবাহিনীৰ আক্ৰমণৰ বলি হ'ল যুৱতীসহ তিনিজন ৷ একে পৰিয়ালৰে ভাতৃ-ভগ্নী আৰু মাতৃক আক্ৰমণ তিনিজনীয়া গুন্দাবাহিনীৰ ৷

আহত পঙ্কজ নাথ
author img

By

Published : Nov 2, 2019, 11:32 AM IST

তেজপুৰ, 2 নৱেম্বৰ : তেজপুৰৰ ৰঙাপৰা সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ ঘনিষ্ঠ তথা সোঁহাতস্বৰূপ জিতেন দাসৰ গুণ্ডা বাহিনীৰ আক্ৰমণৰ বলি হ'ল যুৱতীসহ তিনিজন ৷ ঘটনাৰ বিৱৰণী অনুসৰি,মাজগাঁৱৰ জ্যোতিনগৰ নিবাসী পংকজ নাথ,ভগ্নী মধুস্মিতা নাথ আৰু মাতৃ বুবুল নাথ বৃহস্পতিবাৰে নিশা আলহীৰ ঘৰৰ পৰা উভতি আহোতে বিজেপিৰ ছত্ৰ ছায়াত থকা তিনি উদণ্ড যুৱকে হকী ষ্টিকেৰে আক্ৰমণ কৰে ৷ আক্ৰমণৰ ফলত বৰ্তমান পৰিয়ালৰ তিনিগৰাকী লোক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি এটা পৰিয়াল

এই ঘটনাৰ পাচতো মহাভৈৰৱ আৰক্ষীয়ে সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰাৰ লগতে ভুক্তভোগী পৰিয়ালটোক অশালীন ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ৷ জানিব পৰা মতে অভিযুক্ত সুমন বৰা,শৰত দাস আৰু ৰক্তিম দাস মৰাভৰলীৰ নিবাসী আৰু বিধায়ক ৰাজেন বৰঠাকুৰৰ আশীষধন্য জিতেন দাস নামৰ ঠিকাদাৰজনৰ আত্মীয় ৷ সেয়েহে গোচৰীয়াক আৰক্ষীয়ে কোনোধৰণৰ সঁহাৰি জনোৱা নাই বুলি জানিব পৰা গৈছে ৷

আৰু পঢ়ক : হোজাইত একেটা পৰিয়ালৰে তিনিজনৰ আত্মহত্যা

Intro:দুটা ডকাইত হাতেলোটে ধৰিলে স্থানীয় ৰাইজেBody:ৰঙিয়াত মছজিদৰ দানপাত্ৰ চুৰি কৰিবলৈ অহা দুই ডকাইতক হাতে-লোটে ধৰিলে ৰাইজে । লগতে জ্বলাই দিলে ডকাইতৰ বাইক । ৰাজপথত দাও দাও কৈ জ্বলি উঠিল ডকাইতৰ বাইক । ডকাইত দুজনক পাব্লিক ধুলাই দিয়াৰ পিছত আৰক্ষীক গতাই দিয়ে ৰাইজে। ধৃত ডকাইত দুজন হৈছে হাজোৰ বিকি আলী আৰু নিতুমণি মালাকৰ । শনিবাৰে পুৱতি নিশা ৰঙিয়াৰ মুৰাৰা জামে মছজিদত দুজন ডকাইতে ৰদ , ডেগাৰ আদি লৈ প্ৰৱেশ কৰে । মছজিদৰ দানপাত্ৰটো ভাঙিবলৈ ধৰোতে সমীপতে থকা গৃহৰ লোকে শব্দ শুনিবলৈ পায় । লগে লগে চুবুৰীটোৰ অন্যান্য লোকক অৱগত কৰাত ভালে সংখ্যক লোক মছজিদটোত উপস্থিত হৈ ডকাইত দুজনক আটক কৰিবলৈ সক্ষম হয় । ধৃত ডকাইত দুজনক গণপ্ৰহাৰ দিয়াৰ পিছত ডকাইত দুজনে মছজিদটোত অহাৰ পূৰ্বে দুখন দোকানত লুট কৰি অহা বুলি স্বীকাৰোক্তি দিয়ে । পিছত একাংশ উত্তেজিত লোকে বাইকখন জ্বলাই দিয়ে । ডকাইত দুজনে ১২ জনীয়া এটা দলৰ সৈতে ৰঙিয়াত ডকাইতি কৰিবলৈ অহা বুলিও স্বীকাৰোক্তি দিয়ে । পিছত ডকাইত দুজনক আৰক্ষীৰ হাতত গতাই দিয়া হয়।

Bite :- স্থানীয় ব‍্যক্তিConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.