ETV Bharat / city

চতিয়াত এবছুৰ উদ্যোগত উদযাপন বড়োলেণ্ড দিৱস

author img

By

Published : Mar 2, 2019, 11:26 PM IST

সমগ্ৰ ৰাজ্যৰ লগতে চতিয়া সমষ্টিটো এবছুৰ উদ্যোগত উদযাপন কৰা হয় বড়োলেণ্ড দাবী দিৱস ৷

বড়োলেণ্ড দিৱস

বিশ্বনাথ, 2 মাৰ্চঃ সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাৰ চতিয়া সমষ্টিটো পালন কৰা হয় বড়োলেণ্ড দিৱস ৷ সমষ্টিৰ ইটাখোলাৰ সমীপৰ জয়সিদ্ধিত বিশ্বনাথ জিলা এবছুৰ উদ্যোগত স্থানীয় লোকসকলে উদযাপন কৰে বড়োলেণ্ড দিৱস ৷

জয়সিদ্ধিত অনুষ্ঠিত হোৱা বড়োলেণ্ড দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ-সভাপতি দ্বীপেন বড়ো, এন ডি এফ বি প্ৰগতিশীলৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী, পিপুলছ জইন্ট একচন কমিটি ফৰ বড়োলেণ্ড মুভমেন্টৰ মুখপাত্ৰ ধনেশ্বৰ বসুমতাৰী উপস্থিত থাকে ৷

বড়োলেণ্ড দিৱসৰ লগত সংগতি ৰাখি স্থানীয় শিল্পীসকলৰদ্বাৰা বড়ো পাৰম্পৰিক সংগীত-নৃত্য প্ৰদৰ্শণ কৰা হয় ৷ আনহাতে ৰাজহুৱা সভাত নিজৰ ভাষণ প্ৰসংগত মুখ্য অতিথি হিচাপে উপস্থিত থকা গোবিন্দ বসুমতাৰীয়ে বিজেপিক প্ৰতাৰকৰ দল বুলি উল্লেখ কৰে ৷ সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনত বড়োসকলৰ সমস্যা সমাধান কৰাৰ লক্ষ্যৰে যি দলে আগবাঢ়িব সেই দলকে বড়োসকলে ভোট দিব বুলি উল্লেখ কৰে ৷ আনহাতে সভাত উপস্থিত থকা এবছুৰ উপ-সভাপতি দ্বীপেন বড়োৱে নিজৰ ভাষণ প্ৰসংগত কলা-সংস্কৃতিৰ লগতে প্ৰাপ্য অধিকাৰৰ বাবে বড়োসকলে 1987 চনৰ পৰাই সুদীৰ্ঘ 32 বছৰ ধৰি যি সংগ্ৰাম চলাই আহিছে সেই সংগ্ৰাম এতিয়াও চলি থাকিব ৷ যেতিয়ালৈকে বড়োসকলৰ সমস্যা সমাধান নহয় তেতিয়ালৈকে বড়োসকল ক্ষান্ত নাথাকে বুলি সভাত উল্লেখ কৰে বড়োৱে ৷

undefined

উল্লেখ্য যে, 2 মাৰ্চৰ দিনটো সমগ্ৰ অসমতে বড়োলেণ্ড দিৱস হিচাপে উদযাপন কৰি আহিছে বড়ো জনগোষ্ঠীৰ লোকসকলে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তকে ধৰি কোকৰাঝাৰ, গুৱাহাটী, শালবাৰী, মুছলপুৰ আদি অঞ্চলটো শনিবাৰৰ দিনটো বড়োসকলে বড়োলেণ্ড দিৱস হিচাপে উদযাপন কৰে ৷

বিশ্বনাথ আবছুৰ আঞ্চলিক সমিতি সমূহৰ উদ্যোগত

জয়সিদ্ধিত বড়োলেণ্ড দাবী দিৱস পালন

তেজপুৰ : আজি সমগ্ৰ অসমত বড়োলেণ্ড দাবী দিবস পালনৰ লগতে বিশ্বনাথ জিলাৰ চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত ইটাখোলাৰ সমীপৰে জয়সিদ্ধিতো বিশ্বনাথ আবছুৰ আঞ্চলিক সমিতি সমূহৰ উদ্যোগত বড়োলেণ্ড দিৱসৰ লগত সংগতি ৰাখি বিশাল জণসভাৰ আয়োজন কৰে। এবছুৰ বিশ্বনাথ জিলাৰ সাধাৰণ সম্পাদক সংগল গৈয়াৰীয়ে সভাৰ উদ্বোধনী ভাষন দিয়াৰ পাছত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা এনডিএফবি প্ৰগতিশীলৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমাতাৰী আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ সভাপতি দিপেন বড়ো প্ৰমুখ্যে মঞ্চত উপস্থিত সকলোকে সম্বৰ্দ্ধনা জনোৱা হয়। তাৰ পিছত পিপলছ জইন্ট একচন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টৰ মুখপাত্ৰ ধনেশ্বৰ বসুমাতাৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে। মুখ্য অতিথি গোবিন্দ বসুমাতাৰীয়ে বিশাল জণসভা খনত নিজৰ ভাষন প্ৰশংগত কয় যে,২০১৪ চনৰ লোক সভা নিৰ্বাচনত বিজেপি দলে আমাক প্ৰতাৰণা কৰি আমাৰ ভোট লৈ নিৰ্বাচনী বৈতৰনী পাৰ কৰি শাসনৰ গাদীত বহে কিন্তু আমাক দিয়া প্ৰতিশ্ৰুতি আজি পৰ্যন্ত  পালন নকৰিলে৷ গতিকে আগন্তুক লোক সভা নিৰ্বাচনত যি দলে আমাৰ সমস্যা সমাধান কৰাৰ লক্ষ্যৰে আমাক প্ৰতিশ্ৰুতি দিব সেই ৰাজনৈতিক দলকে আমি ভোট দিম৷ শাসনাধিষ্ঠ বিজেপি দলে আমাৰ জাতীয় সংগঠন সমূহৰ লগত কেইবা লানিও আলোচনা কৰিলে কিন্ত তেওঁলোকৰ অৰ্থাৎ ভাৰত চৰকাৰৰ সদিচ্ছা নথকাৰ বাবে আমাৰ সমস্যা সমাধান নহ'ল। সভাত উপস্থিত নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ সভাপতি দিপেন বড়োয়ে নিজৰ ভাষন প্ৰশংগত কয় যে, আমাৰ কলা,সংস্কৃতিৰ লগতে আমাৰ প্ৰাপ্য অধিকাৰ সমুহৰ বাবে আমি ১৯৮৭ চনৰ পৰা সুদীৰ্ঘ ৩২ টা বছৰ ধৰি গণতান্ত্ৰিক ভাবে পৃথক বড়োলেণ্ডৰ দাবী জনাই আন্দোলন কৰি আহিছো আৰু যেতিয়া লৈকে আমি পৃথক বড়োলেণ্ড নেপাওঁ তেতিয়ালৈকে আমি শান্ত নেথাকি আমি আমাৰ গণতান্ত্ৰিক আন্দোলন চলাই যাম৷

প্ৰণৱ কুমাৰ দাস, তেজপুৰ 
২/৩/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.