ETV Bharat / city

তেজপুৰত ১৩ জন ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকক মুকলি - তেজপুৰ

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ১৩ জন লোক ক'ৰণা ভাইৰাছ পৰা আৰোগ্য লাভ কৰে ৷ ইতিমধ্যে স্বাস্থ্য বিভাগৰ লোকৰ উপস্থিতিত চিকিৎসালয় খনৰ পৰা তেওঁলোকক মুকলি কৰি দিয়ে ৷

ETV BHARAT
তেজপুৰত ১৩ জন ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকক মুকলি
author img

By

Published : Jun 1, 2020, 9:31 PM IST

তেজপুৰ, 1 জুনঃ তেজপুৰত ১৩ জন ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকক মুকলি কৰি দিয়ে স্বাস্থ্য বিভাগে ৷ লোক কেইজন তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আইচ'লেচন হৈ আছিল ৷

তেজপুৰত ১৩ জন ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকক মুকলি

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সোমবাৰে সন্ধিয়া ১৩ জন লোকক মুকলি কৰি দিয়ে স্বাস্থ্য বিভাগে ৷ কোভিড আইচলেচনত আছিল লোক কেইজন ৷ আনহাতে, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুঠ ১২৪৫০ জনৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হয় তাৰ ভিতৰত ৭৪০ জন ৰোগীৰ পৰীক্ষা চলি আছে যদিও ফলাফল আহিবলৈ বাকী আছে মুঠ ১৮৩৮ জন লোকৰ ৷ সোমবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ উপস্থিতিত এখন অনানুষ্ঠানিক সভাযোগে আৰোগ্য হোৱা লোকসকলক একোখনকৈ ফুলাম গামোচা আৰু উপহাৰৰে সম্ভাষণ জনায় ৷ চিকিৎসা মহাবিদ্যালয় খনৰ অধ্যক্ষ , অধীক্ষক আৰু যুটীয়া স্বাস্থ্য সঞ্চালকৰ উপস্থিতিত চিকিৎসালয় খনৰ পৰা তেওঁলোকক মুকলি কৰি দিয়ে ৷

আনহাতে, কৰ'ণা মহামাৰীৰ বিৰুদ্ধে এই যুজত সফলতা লাভ কৰাৰ বাবে চিকিৎসা কৰ্মীসকলক শুভেচ্ছা জনায় ৰোগমুক্ত লোকসকলে ৷ লগতে ৰোগীসকলক মনোবল বৃদ্ধি কৰি ৰাখিবলৈ স্বাস্থ্য বিষয়াসকলে সকলো চিকিৎসকৰ লগতে সকলো স্বাস্থ্য কৰ্মীক আহ্বান জনোৱাৰ লগতে মহামাৰীৰ সজাগতা বৃদ্ধি আৰু প্ৰচাৰ কৰিবলৈ আহ্বান জনায় স্বাস্থ্য বিষয়াজনে ৷ ইতিমধ্যে, শোণিতপুৰ জিলাত মুঠ ১৯ গৰাকী ৰোগীৰ ভিতৰত বৰ্তমান ৬ জন ৰোগীৰ চিকিৎসা প্ৰদান কৰি আছে ৷ ইয়াৰ ভিতৰত ৫ গৰাকী লোক সোমবাৰে দিনৰ ভাগত ক'ৰণা ভাইৰাছ চিনাক্ত হৈ তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছিল বুলি জানিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক- গুৱাহাটীত শক্তি বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.