শিৱসাগৰ, 6 নৱেম্বৰ : অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত সোমবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সন্মুখত স্মৰণ দিৱস(Tribute Day Celebration) উদযাপন কৰা হয় । উক্ত অনুষ্ঠানত বিশিষ্ট ক্ৰীড়াবিদ-সমাজকৰ্মী বীৰেণ দাসক আম্বেদকাৰ আদৰ্শ বঁটা প্ৰদান কৰা হয় । নতুন প্ৰজন্মৰ মাজত আম্বেদকাৰৰ প্ৰাসংগিকতা বৰ্তাই ৰাখিবৰ বাবে নতুন ভাৰতৰ নিৰ্মাতাগৰাকীৰ মৃত্যুক অনুসূচিত জাতি ছাত্ৰ সন্থাই এই সোঁৱৰণি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ।
একেদৰে শিৱসাগৰ নগৰৰ যুৱদল প্ৰেক্ষাগৃহত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে 'কেন্দ্ৰীয় আম্বেদকাৰ শ্ৰদ্ধাঞ্জলি দিৱস'(Anushuchit Jaati Yuba Satra Parihad Tribute Day Celebration) উদযাপন কৰে । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এক চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । ইয়াৰ লগতে "ড৹ বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ স্মৃতি তথা সাম্প্ৰতিক সমাজ ব্যৱস্থা" শীৰ্ষক বিষয়ত এখনি মুকলি সভাও সম্পন্ন হয় ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট চিকিৎসক-লেখক প্ৰয়াত ডাঃ তাৰানাথ দাসক 'ড৹ আম্বেদকাৰ স্মাৰক বঁটা' আৰু অসম অসামৰিক সেৱাত স্থানপ্ৰাপ্ত সুনম দাসক 'জননেতা নিত্যানন্দ ফুকন স্মাৰক কৃতী শিক্ষাৰ্থী বঁটা' প্ৰদান কৰা হয় ।
লগতে পঢ়ক : Sikha Sarmah controversy: শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল