আমগুৰি, 25 ছেপ্টেম্বৰ : অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আমগুৰিৰ আবকাৰী বিভাগে । শুকুৰবাৰে আবকাৰী বিভাগে বৰুৱাপুখুৰী কোঁৱৰ গাঁৱত অভিযান চলাই বহু হাজাৰ চুলাইৰ পাছ নষ্ট কৰিবলৈ সক্ষম হয় । পথাৰ আৰু বাঁহনিৰ মাজত বহুকেইটা ড্ৰামত লুকুৱাই ৰখা হৈছিল হাজাৰ হাজাৰ লিটাৰ চুলাইৰ পাছ ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকক চুলাই ভাটি ভাঙিবলৈ নিৰ্দেশ দিয়াৰ পাছৰে পৰা আমগুৰি আবকাৰী বিভাগে অব্যাহত ৰাখিছে চুলাই বিৰোধী অভিযান । আমগুৰি আবকাৰী বিভাগে অভিযান চলাই ১২০০ লিটাৰ চুলাইৰ পাছ নষ্ট কৰাৰ লগতে বহুকেইটা চুলাইৰ ভাটি ভাঙিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, অধিকাংশ চুলাই ব্যৱসায়ীয়ে অস্বাস্থ্যকৰভাৱে বাঁহনিৰ তলত, চাহ বাগিচাৰ মাজত অতি মাৰাত্মকভাৱে সৰ্বসাধাৰণৰ জীৱনক লৈ হেতালি খেলি প্ৰস্তুত কৰি আহিছে বৰবিহ সদৃশ চুলাই । শেহতীয়াকৈ চুলাই ঘাটিৰ পৰা মাৰাত্মক কৰ’ণা ভাইৰাছৰ অধিক সংক্ৰমণ হোৱা বুলি প্ৰতিবেদন পোৱাৰ পিছতে এইক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ লগতে আবকাৰী বিভাগে ।

লগতে পঢ়ক : নগাঁৱত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ আমছুৰ