ETV Bharat / city

প্ৰকৃত প্ৰেমৰ নিদৰ্শনেৰে চৰ্চাত এটি দম্পতী

author img

By

Published : May 31, 2022, 9:23 PM IST

আমগুৰিৰ নামতিত ব্যতিক্ৰমী ৰূপত দেখা গ'ল এটি দম্পতীক(Elderly couple of Amguri) ৷ ১৯৮০ চনতে বিবাহ পাশত আৱদ্ধ হৈছিল এই দম্পতী ৷ গীত শুনি ভালপোৱা এই দম্পতীয়ে এখন চাইকেলেৰে শিৱসাগৰৰ মেকিপুৰৰ পৰা যাত্ৰা কৰি আহি পালে নামতিত(Old couple travelling on cycle arrived in Namti) ৷ চাওক সবিশেষ...

Story of celebration of an elderly couple of Amguri lasting love
প্ৰকৃত প্ৰেমৰ নিদৰ্শনেৰে চৰ্চাত এটি দম্পতী

আমগুৰি, 31 মে' : প্ৰেম ! এটি হৃদয় চুই যোৱা মিঠা অনুভৱ ৷ যাৰ পৰশে জীৱনলৈ আনি দিয়ে সম্পূৰ্ণতা আৰু এক শিহৰণকাৰী মাদকতা ৷ তদুপৰি, প্ৰেম এক মানৱিক অনুভূতি আৰু আৱেগকেন্দ্ৰিক এক অভিজ্ঞতা ৷ বহুতেই কয়, প্ৰেম দুটি বৰ্ণৰ এটি মিঠা শব্দ ৷ কোনোৱে আকৌ কয়, প্ৰেম এক সৰগীয় অনুভূতি ৷

আমি আজি বৰ্ণনা কৰিবলৈ লৈছো এটি দম্পত্তিৰ প্ৰেম কাহিনীৰ কথা, যি প্ৰেম কাহিনী সাইলাখ হিন্দী চিনেমাৰ প্ৰেম কাহিনীৰ দৰে(Story of celebration of an Old couple) ৷ আজিও যুগমীয়া তেওঁলোকৰ এই প্ৰেম ৷

১৯৮০ চনতে বিবাহ পাশত আৱদ্ধ হোৱা এই দম্পতীয়ে আজিও ভাত খায় একেখন কাঁহীতে ৷ শিৱসাগৰৰ মেকিপুৰ অঞ্চলৰ এই দম্পতীৰ নাম হৈছে চম্ভু বাউৰী আৰু ৰীনা বাউৰী ৷ গীত শুনি ভালপোৱা এই দুই ককা আইতাই এখন চাইকেলেৰে শিৱসাগৰৰ মেকিপুৰৰ পৰা যাত্ৰা কৰি আহি উপস্থিত হ'ল নামতিত (Old couple travelling on cycle arrived in Namti)৷

গীত শুনি ককা আইতাই নাচি বাগি এক সুন্দৰ মনেৰে যাত্ৰা কৰি অহাৰ দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ পৰিস্থিতি যিকোনো হ'লেও কেৱল হাঁহি হাহিয়েই জীৱনটোক উদযাপন কৰিছে এই দুই ককা আইতাই ৷ অভাৱ অনাটনৰ মাজতো আজি পৰ্যন্ত দুখে স্পৰ্শ কৰিব পৰা নাই দম্পতীটোক ৷ যি সময়ত বিভিন্ন দম্পতীৰ মাজত কাজিয়া, বিবাহ বিচ্ছেদৰ দৰে ঘটনা দেখিবলৈ পোৱা যায়, তেনে সময়তে এই দম্পতীৰ যুগমীয়া প্ৰেম আন দহজনৰ বাবে হৈ ৰ'ব এক জীৱন্ত উদাহৰণ ৷

লগতে পঢ়ক : এক ফুল দ’ মালি, ভয়ংকৰ পৰিণতি...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.