ETV Bharat / city

বাজেটত শিৱসাগৰৰ বিকাশ সাধনৰ কথা ঘোষণা : উৎফুল্লিত শিৱসাগৰবাসী - Union budget latest update

শিৱসাগৰক পুৰাতাত্বিক স্থান হিচাপে ঘোষণা কৰাৰ লগতে সংগ্ৰহালয় নিৰ্মাণৰ কথা বাজেটত ঘোষণা কৰাৰ পাচতে উৎফুল্লিত হৈ পৰিছে শিৱসাগৰবাসী ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে ৷

সংগ্ৰহালয় নিৰ্মাণ
শিৱসাগৰ
author img

By

Published : Feb 1, 2020, 7:08 PM IST

শিৱসাগৰ, 1 ফেব্ৰুৱাৰী : শনিবাৰে দিনৰ 11 বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰে কেন্দ্ৰীয় বাজেট ৷ সীতাৰমণৰ কাৰ্যকালৰ দ্বিতীয়খন বাজেটত মোডী চৰকাৰে প্ৰতিটো খণ্ডতে অৰ্থ সাহায্য প্ৰদান কৰাৰ প্ৰয়াস চলায় ৷ বাজেটত দেশৰ পাঁচখন পুৰাতাত্বিক স্থানৰ বিকাশ সাধনৰ কথা ঘোষণা কৰে নিৰ্মলা সীতাৰমণে ৷

বাজেটত শিৱসাগৰৰ বিকাশ সাধনৰ কথা ঘোষণা

ইয়াৰ ভিতৰত অসমৰ শিৱসাগৰ জিলাইও স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ শিৱসাগৰৰ উপৰিও অন্য চাৰিখন পুৰাতাত্বিক স্থান হৈছে হাৰিয়ানাৰ ৰাখীগড়ী, উত্তৰ প্ৰদেশৰ হস্তিনাপুৰ, গুজৰাটৰ ঢোলাবীৰা আৰু তামিলনাডুৰ আদিচানাল্লুৰ ৷

প্ৰেম গগৈ

শনিবাৰৰ বাজেটত অসমৰ শিৱসাগৰত এটা উন্নতমানৰ সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱ ৰাখে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ এই ঘোষণাৰ পাচতে উৎফুল্লিত হৈ পৰিছে শিৱসাগৰবাসী ৷

ড: সৌমাৰজ্যোতি মহন্ত

আহোমৰ ছশ বছৰীয়া শাসনৰ ইতিহাস বহনকাৰী জিলাখনত এই ঘোষণাই সৰ্বস্তৰৰ ৰাইজৰ মাজত আনন্দৰ জোৱাৰ তুলিছে । এই ঘোষণাৰ ফলত পৰ্যটনৰ মানচিত্ৰত শিৱসাগৰক এক বিশেষ স্থান দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ।

ড: এম. এছ. লক্ষ্মীপ্ৰিয়া

আনহাতে, শিৱসাগৰীয়া ৰাইজে এনে ঘোষণা কেৱল ঘোষণাতে নাৰাখি অনতিপলমে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণৰ আশা কৰিছে ।

আৰু পঢ়ক : বাজেট 2020 : পাঁচটা পৰ্যায়ত চৰকাৰৰ কৰ প্ৰণালী ঘোষণা

Intro:Body:আজি ঘোষণা কৰা কেন্দ্ৰীয় বাজেটত শিৱসাগৰ জিলাক ICONIC SITE ৰূপে ঘোষণা কৰাৰ লগতে শিৱসাগৰত এটি সংগ্ৰহালয় নিৰ্মাণ কৰা হব বুলি কৰা ঘোষণাত উৎফুল্লিত শিৱসাগৰবাসী।

আহোমৰ ছশ বছৰীয়া শাসনৰ ইতিহাস বহনকাৰী জিলা খনত এই ঘোষণাই জিলা খনৰ সৰ্ব স্তৰৰ ৰাইজৰ মাজত আনন্দৰ জোৱাৰ তুলিছে।

পৰ্যটনৰ মানচিত্রত এই ঘোষণাই শিৱসাগৰক এক বিশেষ স্থান দিয়াত গুৰুত্ব পূৰ্ণ ভূমিকা লব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।আনহাতে শিৱসাগৰীয়া ৰাইজে এনে ঘোষণা কেৱল ঘোষণাত নাৰাখি অনতিপলমে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণৰ আশা কৰিছে।

Bite: প্ৰেম গগৈ, বুৰঞ্জীবিদ
Bite - ড: সৌমাৰজ্যোতি মহন্তConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.