শিৱসাগৰ, 15 ফেব্ৰুৱাৰী : শনিবাৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ সদ্য প্ৰয়াত বিধায়ক প্ৰনৱ গগৈৰ আদ্যশ্ৰাদ্ধত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ শিৱসাগৰ নগৰৰ ৰেডক্ৰ'ছ ৰোডস্থিত প্ৰনৱ গগৈৰ বাসগৃহত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই প্ৰয়াত কংগ্ৰেছ নেতাগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
ইয়াৰ পাচতে শিৱসাগৰ আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ নাগৰিকত্ব সংশোধনী আইন (CAA)সম্পৰ্কত নিজৰ স্থিতি প্ৰকাশ কৰি মহন্তই কয়, "এই আইন অসাংবিধানিক ৷ আইনৰ 6(ক) স্থানান্তৰ নকৰাকৈ 6(খ) প্ৰয়োগ কৰিব নোৱাৰে ৷ অসম চুক্তিক অমান্য কৰা এই আইনৰ বিৰুদ্ধে অসমৰ জনগণ একত্ৰিত হ'ব লাগে ৷ অবৈধ অনুপ্ৰৱেশকাৰী(ন্যায়াধীকৰণৰ দ্বাৰা নিৰ্ধাৰণ) আইন, (IMDT) আমি বিৰোধ কৰিছিলো ৷ IMDT আইন থকাৰ বাবে অসম চুক্তি ৰূপায়ণত অসুবিধা হৈছিল ৷ অসম চুক্তি ৰূপায়ণৰ ন'ডেল এজেঞ্চি কেন্দ্ৰীয় চৰকাৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ হেমাহিৰ বাবে চুক্তি ৰূপায়ণ সম্ভৱ হোৱা নাই ৷ এতিয়া CAA ৰ ফলত অসমৰ পৰিস্থিতি অধিক ভয়াবহ হ'ব ৷ ৰাইজে সমস্বৰে বিৰোধ কৰিব লাগে ৷"
বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ অগপ দলৰ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত লোৱা স্থিতিক লৈও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়ায় ৷ মহন্তই কয়, "ৰাইজে ইয়াৰ বিচাৰ কৰিব ৷ 2001 চনত ৰাইজে আমাক আদৰি লোৱা হ'লে এনে পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন ৷ আমি এনে আইন কলিতে মোহাৰি দিলো হয় ৷"
বৰ্তমানৰ অগপ দলৰ নেতৃত্বক পোনপটীয়াকৈ সমালোচনা নকৰিলেও দলটোক নতুনকৈ গঢ় দিয়াৰ ইংগিত দিয়ে মহন্তই ৷ সৰ্বানন্দ সোণোৱাল অসম আন্দোলনৰ সৈতে জড়িত আছিল নে নাই সেই সম্পৰ্কত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কোনে ডিব্ৰুগড়ৰ ডনবস্ক বিদ্যালয়ত পঢ়িছিল খৱৰ লওঁক ৷ ডিব্ৰুগড়ৰ মানুহে সকলো জানে ৷ আগন্তুক নিৰ্বাচনত অগপ দলে নতুন ৰূপত আত্মপ্ৰকাশ কৰি ৰাইজৰ আস্থা লাভ কৰিবলৈ সক্ষম হ'ব বুলিও আওপকীয়াকৈ উল্লেখ কৰে প্ৰফুল্ল কুমাৰ মহন্তই ৷
আৰু পঢ়ক : হাইলাকান্দিত নাৰী সৰবৰাহকাৰীৰ সন্দেহত গ্ৰেপ্তাৰ তিনিজন লোক