ETV Bharat / city

আমগুৰিত অগপ দলৰ ভ্ৰাতৃ সংগঠনৰ সংবাদমেল - আমগুৰি সমষ্টিৰ ভূঞাহাট ক্লাৱ

আমগুৰিত অগপ দলৰ ভ্ৰাতৃ সংগঠনৰ সংবাদমেল ৷ সংবাদ মাধ্যমৰ বিৰুদ্ধে সোচ্চাৰ অগপ, আই টি চেল ৷

আমগুৰিত অগপ দলৰ ভ্ৰাতৃ সংগঠনৰ সংবাদমেল
আমগুৰিত অগপ দলৰ ভ্ৰাতৃ সংগঠনৰ সংবাদমেল
author img

By

Published : Feb 27, 2021, 6:31 AM IST

আমগুৰি, 25 ফেব্ৰুৱাৰী : অসম গণ পৰিষদৰ ভ্ৰাতৃ সংগঠন অসম মহিলা পৰিষদ, অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদে আমগুৰি সমষ্টিৰ ভূঞাহাট ক্লাৱত এক যৌথ সংবাদমেল সম্বোধন কৰে ৷

বিধায়ক প্ৰদীপ হাজৰিকাই আমগুৰি সমষ্টিৰ উন্নয়ন কৰাত ব্যৰ্থ হোৱা বুলি প্ৰচাৰ কৰা এক বৈদ্যুতিক মাধ্যমৰ প্ৰতিবেদনৰ বিৰোধিতাৰে আজিৰ এই সংবাদমেল আয়োজন কৰা বুলি স্পষ্ট কৰি উদ্যোক্তাসকলে সংশ্লিষ্ট সংবাদ গোষ্ঠীটোক তীব্ৰ সমালোচনা কৰে ৷ আমগুৰি অগপ দলৰ আই টি চেলৰ আহ্বায়ক অভিস্পিত শইকীয়াই কংগ্ৰেছ নেত্ৰী ডঃ অংকিতা দত্তক নাম নোলোৱাকৈ তীব্ৰ আক্ৰমণ কৰি আমগুৰি সমষ্টিত ডক্টৰেট ডিগ্ৰীধাৰী লোকৰ অভাৱ নাই আৰু শিক্ষিত হোৱাটো সৰু কথা বুলি মন্তব্য কৰি জ্ঞান আৰু অভিজ্ঞতাহে মূল কথা বুলি দাবী কৰে ৷

আমগুৰি সমষ্টিৰ ৰাইজে সৰু ছোৱালীক সমষ্টিৰ দায়িত্ব নিদিয়ে বুলিও তেওঁ মন্তব্য কৰে ৷ মৃত ব্যক্তিক টানি অনাৰ বাবে অগপ দলৰ কোনো ইচ্ছা নাই বুলি উল্লেখ কৰি সংবাদমেলত যুৱ পৰিষদৰ নেতা মৃগাংক শইকীয়াই কয় যে, প্ৰয়াত অঞ্জন দত্তৰ কাৰ্যকালত আমগুৰিত কেৱল আধাৰশিলাৰ ৰাজনীতি কৰিলে আৰু আজিও সমষ্টিটোৰ চুকে-কোণে 24 টাতকৈও অধিক আধাৰশিলা পৰি আছে য'ত কোনো কাম নহ'ল ৷

প্ৰদীপ হাজৰিকাই ব্যক্তিগত সম্পত্তি গঢ়া বুলি দাবী কৰা সকলক কটাক্ষ কৰি সংবাদমেলত পূৰ্বে আমগুৰি হিন্দী বিদ্যালয় থকা মাটি এতিয়া কাৰ নামত, অসম ৰাজ্যিক পথ পৰিবহন নিগমৰ জাঁজী আৰু গৌৰীসাগৰ কাৰ্যালয়ৰ মাটি কোনে বেদখল কৰিলে আৰু কোনে কাক লীজত দিলে বুলি প্ৰশ্ন উত্থাপন কৰি উত্তৰ বিচাৰে ৷

আনহাতে, অসম মহিলা পৰিষদৰ আমগুৰি বিধান পৰিষদৰ সভানেত্ৰী মনিষা শইকীয়াই আমগুৰি সমষ্টি কাৰো ঠিকা ভিত্তিক চাকৰি নহয় বুলি মন্তব্য কৰি কয় যে, দক্ষ বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে অবান্তৰ কথাৰে কাম নচলিব, বৰঞ্চ যোগ্যতা লাগিব ৷

সংবাদমেলত প্ৰদীপ হাজৰিকাৰ সমষ্টি উন্নয়নৰ খতিয়ান ডাঙি ধৰি আই টি চেলৰ আহ্বায়ক অভিস্পিত শইকীয়াই আমগুৰি চ'লাৰ প্ৰজেক্ট, অসম নগালেণ্ড সীমা সমস্যা মীমাংসা, খোৱাপানী যোগান, বাট পথ নিৰ্মান আদি বিভিন্ন ক্ষেত্ৰত উন্নয়ন হোৱা বুলি দাবী কৰে ৷ সংবাদমেলত ঐক্য সেনাৰ পৰা অগপ দলত যোগদান দিয়া মিনহাজ ইছলামেও বক্তব্য আগবঢ়ায় ৷

আমগুৰি অগপ দলৰ আই টি চেলৰ আহ্বায়ক অভিস্পিত শইকীয়া, অসম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সভাপতি মৃগাংক শইকীয়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পুলকেশ গগৈ, মহিলা পৰিষদৰ আমগুৰি বিধান পৰিষদৰ সভানেত্ৰী মনিষা শইকীয়াৰ লগতে ছাত্ৰ পৰিষদৰ স্থানীয় কৰ্মকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত যোৱা পাঁচ বছৰত বিধায়ক প্ৰদীপ হাজৰিকাই সমষ্টিটোত সম্পাদন কৰা উন্নয়ণমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে ৷

লগতে পঢ়ক : গুৱাহাটীৰ চিটি বাছেৰে ভৰি পৰিল অমিত শ্বাহৰ সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.