ETV Bharat / city

ডেংগুত আক্ৰান্ত হৈ পুনেত মৃত্যু শিৱসাগৰৰ যুৱকৰ

মাৰাত্মক ডেংগু ৰোগত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰৰ পুনেত মৃত্যুক সাৱতি লয় শিৱসাগৰৰ এগৰাকী যুৱকে ৷ পুনেৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত শিৱসাগৰৰ যুৱকগৰাকী ৰিংকু শইকীয়া বুলি জানিব পৰা গৈছে ৷

ডেংগুত আক্ৰান্ত হৈ মৃত্যু শিৱসাগৰৰ ৰিংকুৰ
author img

By

Published : Nov 10, 2019, 3:32 AM IST

আমগুৰি, 9 নৱেম্বৰঃ মাৰাত্মক ডেংগু ৰোগত আক্ৰান্ত হৈ বহিঃৰাজ্যত মৃত্যুক সাৱতি লয় ৰাজ্যৰ এগৰাকী যুৱকে ৷ মহাৰাষ্ট্ৰৰ পুনেৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত শিৱসাগৰৰ যুৱক ৰিংকু শইকীয়াৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷

লগতে পঢ়কঃ এন আৰ চিৰ নতুন ৰাজ্যিক সমন্বয়ক নিযুক্তি

শিৱসাগৰ জিলাৰ জাঁজী তামুলীছিগাৰ বাসিন্দা ৰিংকু শইকীয়াই পুনেৰ এমএছএফ নামৰ প্ৰতিষ্ঠানটোত এগৰাকী সুৰক্ষাকৰ্মী হিচাপে কৰ্মৰত আছিল ৷ শুকুৰবাৰে পুৱতি নিশা পুনেৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক সাৱতি লয় ৰিংকুই ৷ জাঁজী তামুলীছিগা বাম চাৰিঙিয়া গাঁৱৰ ললিত শইকীয়াৰ পুত্ৰ আছিল ৰিংকু ৷ ইতিমধ্যে ৰিংকুৰ মৃতদেহ জন্মস্থলীলৈ আনিবলৈ পৰিয়ালৰ লোক পুনে অভিমুখে ৰাওনা হৈছে ৷ সৰবৰহী যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ৷

Intro:Body:আমগুৰি , ৯ নবেম্বৰ:
……………………………

ডেংগুত আক্ৰান্ত হৈ মৃত্যু শিৱাগৰ জিলাৰ জাঁজী  তামুলীছিগাৰ যুৱকৰ

যুৱকজনৰ নাম ৰিংকু শইকীয়াৰ(২৪)

মহাৰাষ্ট্ৰৰ পুণেত এম এছ এফ কোম্পানীত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত ৰিংকু শইকীয়া মৰাত্মক ডেংগু ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি প্ৰকাশ।

জাঁজী তামুলীছিগা বাম চাৰিঙিয়া গাঁৱৰ ললিত শইকীয়াৰ পুত্ৰ ৰিংকু শইকীয়াৰ (২৪) আজি পুৱতি নিশা প্ৰায় ১:০০ বজাত পুণেৰ এখন চিকিৎসালয়ত মৃত্যু ঘটে।

ইতিমধ্যে যুৱকজনৰ মৃতদেহ জন্মস্থলীলৈ আনিবৰ বাবে পৰিয়ালৰ লোক আজি পুণে অভিমুখে ৰাওনা হৈছে। যুৱকজনে মৃত্যুৰ সময়ত পিতৃ-মাতৃ,এজন ককায়েক, এগৰাকী বায়েক সহ বহু আত্মীয় এৰি গৈছে।ৰিংকু ৰ মৃত্যু ত অঞ্চল বাসী ৰাইজে শোক প্ৰকাশ কৰিছে । 

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.