ETV Bharat / city

শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবন্দীৰ মৃত্যু: হত্যাৰ অভিযোগ পৰিয়ালৰ - শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবন্দীৰ মৃত্যু: হত্যাৰ অভিযোগ পৰিয়ালৰ

শিৱসাগৰ জিলা কাৰাগাৰত এজন কাৰাবন্দীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ ৷ কয়দীজনৰ ভাতৃয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷

শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবন্দীৰ মৃত্যু
author img

By

Published : Oct 29, 2019, 12:46 PM IST

শিৱসাগৰ, 29 অক্টোবৰ : শিৱসাগৰ জিলা কাৰাগাৰত যোৱা 26 অক্টোবৰত ফাকুম নকটানি গাঁৱৰ ৰিজু বুঢ়াগোহাঁই নামৰ কাৰাবন্দীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ ৷ চুৰিৰ অভিযোগত অভিযুক্ত ৰিজু বুঢ়াগোহাঁই নামৰ কাৰাবন্দী জন যোৱা 28 আগষ্টত ৮১২/১৯ নম্বৰ গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল ৷ ভাতৃ বিজু বুঢ়াগোহাঁইয়ে ৰিজুৰ মৃত্যু সন্দৰ্ভত দাখিল কৰা এক এজাহাৰৰ ফলত সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তলৈ আহিছে ৷ ৰিজুৰ ভাতৃয়ে এই মৃত্যু স্বাভাৱিক নহয় বুলি অভিযোগ তুলি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি এজাহাৰত উল্লেখ কৰিছে ৷ লগতে এই ঘটনাৰ সৈতে জুলি শইকীয়া নামৰ এগৰাকী মহিলা আৰু শিৱসাগৰ সদৰ থানাৰ উপ পৰিদৰ্শক নৱ দাস তথা শিৱসাগৰ জিলা কাৰাগাৰৰ অধীক্ষক জড়িত আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজুয়ে ৷

হত্যাৰ অভিযোগ পৰিয়ালৰ
কাৰাবন্দীৰ মৃত্যু

সদৰ থানাত অভিযোগ দাখিল কৰি বিজু বুঢ়াগোহাঁইয়ে কয় যে, জুলি শইকীয়া নামৰ মহিলাগৰাকীৰ প্ৰৰোচনাত উপ পৰিদৰ্শক নৱ দাসে তেওঁৰ ভাতৃক মানসিক নিৰ্যাতন চলোৱাৰ লগতে ভয়-ভাবুকি প্ৰদান কৰিছিল। কাৰাগাৰৰ ভিতৰৰ একাংশ কাৰাবন্দীৰ হতুৱাই এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰিজু বৰগোঁহাইৰ পৰিয়ালে। ৰিজু বুঢ়াগোহাঁইক প্ৰাণে মৰাৰ চেষ্টা কৰা সন্দৰ্ভত যোৱা ২৩ অক্টোবৰত আদালতত দণ্ডাধীশৰ আগত ভাষ্যও প্ৰদান কৰা হৈছিল । আনহাতে,শিৱসাগৰ জিলা কাৰাগাৰ কৰ্তৃপক্ষই কাৰাবন্দীজন হৃদৰোগত আক্ৰান্ত হোৱা বুলি মন্তব্য কৰে ৷

শিৱসাগৰ জিলা কাৰাগাৰত কয়দীৰ মৃত্যুক লৈ বিতৰ্ক

Intro:Body:*শিৱসাগৰ জিলা কাৰাগাৰৰ কয়দীৰ মৃত্যুক কেন্দ্ৰ কৰি বিতৰ্ক --কয়দী ৰিজু বুঢ়াগোহাঁইক পৰিকল্পিত হত্যাৰ অভিযোগ পৰিয়ালৰ লোকৰ*

Story-PRISONER_DEATH
Ananta Smith
Sivasagar
29th October

শিৱসাগৰ জিলা কাৰাগাৰত যোৱা ২৬ অক্টোবৰ তাৰিখে ফাকুম নকটানি গাঁৱৰ লক্ষ্যেশ্বৰ বুঢ়াগোহাঁইৰ পুত্ৰ ৰিজু বুঢ়াগোহাঁই নামৰ কয়দীৰ ৰহস্যজনক অৱস্থাত হোৱা মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে নতুন বিতৰ্কৰ।

শিৱসাগৰ জিলা কাৰাগাৰত এজন কয়দীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি হত্যাৰ অভিযোগ। ৰিজু বুঢ়াগোহাঁই নামৰ এজন অপৰাধীক বিভিন্ন চুৰিৰ অভিযোগত শিৱসাগৰ আৰক্ষীয়ে যোৱা ২৮ আগষ্ট তাৰিখে গ্ৰেপ্তাৰ কৰি ৮১২/১৯ নম্বৰৰ গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।কয়দী ৰিজু বুঢ়াগোহাঁইৰ ভাতৃ বিজু বুঢ়াগোহাঁইয়ে ৰিজুৰ মৃত্যু সন্দৰ্ভত দাখিল কৰা এক এজাহাৰে ঘটনা ৰহস্যঘন কৰি তুলিছে।কয়দী ৰিজুৰ ভাতৃয়ে এই মৃত্যু স্বাভাৱিক নহয় বুলি অভিযোগ তুলি এক পৰিকল্পিত হত্যাকাণ্ড বুলি এজাহাৰত উল্লেখ কৰিছে।ভাতৃৰ মৃত্যু সন্দৰ্ভত সদৰ আৰক্ষী থানাত এজাৰ দাখিল কৰি সমগ্ৰ ঘটনা পৰিকল্পিত আৰু ষড়যন্ত্ৰমূলক বুলি অভিহিত কৰি ঘটনাৰ সৈতে জুলি শইকীয়া নামৰ এগৰাকী মহিলাৰ লগতে শিৱসাগৰ সদৰ থানাৰ এগৰাকী উপ পৰিদৰ্শক নৱ দাস তথা শিৱসাগৰ জিলা কাৰাগাৰৰ জেলাৰ জড়িত আছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। সদৰ থানাত অভিযোগ দাখিল কৰি বিজু বুঢ়াগোহাঁইয়ে কয় যে জুলি শইকীয়া নামৰ মহিলা গৰাকীৰ প্ৰৰোচনাত উপ পৰিদৰ্শক নৱ দাসে মোৰ ভাতৃক মানসিক নিৰ্যাতন চলোৱাৰ লগতে ভয়-ভাবুকি প্ৰদান কৰে।জেলৰ ভিতৰৰ একাংশ কয়দীৰ হতুৱাই এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে কয়দীৰ পৰিয়ালে।বিজু বুঢ়াগোহাঁইয়ে এজাহাৰত উল্লেখ কৰি কয় যে এনে প্ৰাণে মৰাৰ ষড়যন্ত্ৰ সম্পৰ্কে কয়দী ৰিজু বুঢ়াগোহাঁইয়ে যোৱা ২৩ অক্টোবৰ তাৰিখে আদালতত দণ্ডাধীশৰ আগত ভাষ্য প্ৰদান কৰিছিল।

Bite-বিজু বুঢ়াগোহাঁই

শিৱসাগৰ জিলা কাৰাগাৰ কৰ্তৃপক্ষই হৃদৰোগত আক্ৰান্ত হৈ কয়দীজনৰ মৃত্যু হোৱা বুলি জানিব দিয়াৰ বিপৰীতে এজন কয়দীৰ এনে আকস্মিক মৃত্যু আৰু মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকৰ হত্যাকাণ্ডৰ অভিযোগে সমগ্ৰ ঘটনা ৰহস্যজনক কৰি তুলিছে।এতিয়া এজন কয়দীৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অভিযোগ আৰু শিৱসাগৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শকৰ লগতে জেলাৰ সহিত এগৰাকী মহিলাৰ নাম সাঙোৰ খোৱাক লৈ ব্যাপক সমিলোচনাৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয়।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.