ETV Bharat / city

Covid vaccination in Sivsagar : অকাৰণত প্ৰতিষেধক নল’লে দুই সহস্ৰাধিকে

author img

By

Published : Nov 29, 2021, 10:39 PM IST

শিৱসাগৰত ক’ভিড প্ৰতিষেধক প্ৰদানৰ তথ্য নিৰীক্ষণ কৰিলে অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Dr Ranuj Pegu in Sivsagar) ৷ গৰ্ভৱতী মহিলা, জিলাৰ বাহিৰত থকা ৰোগী, ক’ভিড ৰোগীকে ধৰি মুঠ 17,588 গৰাকীয়ে ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিব পৰা নাই ৷ কিন্তু আশ্চৰ্যজনকভাৱে 2366 গৰাকীয়ে কোনো কাৰণ নোহোৱাকৈয়ে নল’লে প্ৰতিষেধক ৷

Covid vaccination in Sivsagar
Covid vaccination in Sivsagar

শিৱসাগৰ, 29 নৱেম্বৰ : শিৱসাগৰ জিলাত বৰ্তমানেও বিনা কাৰণত ক’ভিডৰ টীকা গ্ৰহণ কৰিবলৈ বাকী আছে ২৩৬৬ গৰাকী বাসিন্দা (Covid vaccination in Sivsagar) ৷ ইতিমধ্যে প্ৰশাসনে চিনাক্ত কৰিছে নাম ঠিকনা ৷ শিৱসাগৰ জিলাৰ ভোটাৰ তালিকা অনুসৰি জিলাখনত মুঠ ভোটাৰৰ সংখ্যা ৫,১৩,৪৫১ গৰাকী (Sivsagar district voter list) ৷ ইয়াৰে মুঠ ৫,০৬,৪৯৭ গৰাকী ভোটাৰৰ ভিতৰত গৰ্ভৱতী মহিলা, জিলাৰ বাহিৰত থকা ৰোগী, ক’ভিড ৰোগীকে ধৰি মুঠ 17,588 গৰাকীয়ে ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিব পৰা নাই ৷ কিন্তু আশ্চৰ্যজনকভাৱে 2366 গৰাকীয়ে কোনো কাৰণ নোহোৱাকৈয়ে বৰ্তমানেও গ্ৰহণ কৰা নাই প্ৰতিষেধক ৷

সোমবাৰে শিৱসাগৰ আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰি এই তথ্য দাঙি ধৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে(Dr Ranoj Pegu at Sivsagar) । প্ৰতিষেধক গ্ৰহণ নকৰা এইসকল লোকৰ ঘৰে ঘৰে গৈ প্ৰতিষেধক ল’বলৈ আহ্বান জনাব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । এই সকলক লোকক প্ৰতিষেধক প্ৰদানৰ বাবে সোমবাৰৰ পৰা "ঘৰ ঘৰ দষ্টক" অভিযান (Ghar ghar dastak in Sivsagar) আৰম্ভ কৰা বুলি তেওঁ জানিবলৈ দিয়ে ৷

অকাৰণত প্ৰতিষেধক নল’লে দুই সহস্ৰাধিকে

আনহাতে, মন্ত্ৰী গৰাকীয়ে শিৱসাগৰৰ ১৭ আৰু ১৮ নং বুথলৈ গৈ ক’ভিড ভেকচিনৰ সন্দৰ্ভত খবৰ লোৱাৰ ওপৰিও ১ নং টাউন প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে ভেকচিন ল’লে নে নাই সেই বিষয়েও সংগ্ৰহ কৰে তথ্য । তদুপৰি ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব সেই বিষয়েও মত বিনিময় কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক : OMICRON variant of COVID : কেনেকৈ সাজু হৈছে অসম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.