ETV Bharat / city

Illegal Encroachment in Rongsai bil: ঐতিহাসিক ৰংচাই (লংচাই) বিলত অবৈধ বেদখল - Illegal Encroachment in Rongsai Marsh

ঐতিহাসিক ৰংচাই(লংচাই) বিলত চলিছে অবৈধ দখলৰাজ ৷ শতিকাজুৰি মৎস্য চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা শ শ মৎস্যজীবিক উচ্ছেদ কৰাৰ ষড়যন্ত্ৰ ৷ ব্যৱসায়ী টায়েৰ বিৰুদ্ধে অবৈধ দখলৰ অভিযোগ ৷ জিলা উপায়ুক্ত- শিৱসাগৰৰ বিধায়কক অভিযোগ দাখিল ৷

Illegal Encroachment in Rongsai Marsh in Sibsagar
ঐতিহাসিক ৰংচাই (লংচাই) বিলত অবৈধ বেদখল
author img

By

Published : Feb 12, 2022, 1:21 PM IST

শিৱসাগৰ, 12 ফেব্ৰুৱাৰী : শিৱসাগৰত বৰ্তমানো অব্যাহত আছে ঐতিহাসিক স্থানসমূহৰ ভূমি দখল কৰাৰ প্ৰতিযোগিতা(Illegal Encroachment in Ancient sites of Sivasagar) । এইবাৰ দখলদাৰীয়ে এখন ঐতিহাসিক মৎস্য বিলৰ ভূমি দখল কৰি নিৰ্মাণ কৰিছে বৃহৎ বৃহৎ মীন পাম । যাকলৈ এতিয়া চৰকাৰক কৰ দিয়া শ শ মৎস্যজীৱীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।

Illegal Encroachment in Rongsai Marsh in Sibsagar
ঐতিহাসিক ৰংচাই (লংচাই) বিলত অবৈধ বেদখল

উল্লেখ্য যে শিৱসাগৰ জিলাৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত আহোম শাসনকালৰ বহু ঐতিহাসিক সৌধ আছে। অবিভক্ত শিৱসাগৰ জিলাখনতেই সৰু-বৰ মুঠ ৫৫৫ টা আহোম ৰাজ শাসনৰ স্থাপত্য আছে । এই সমূহ স্থাপত্যৰ গাতে লাগি আছে ঐতিহাসিক ৰংচাই (লংচাই বিল)(Rongsai Marsh in Sibsagar) । যিদৰে আহোম স্বৰ্গদেউসকলে ৰংঘৰত উঠি বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি আনন্দ লৈছিল ঠিক তেনেদৰে ৰংচাই বিলতো (লংচাই বিলতো) মৎস্যৰ মেলাৰ আনন্দ লৈছিল ।

ঐতিহাসিক ৰংচাই (লংচাই) বিলত অবৈধ বেদখল

স্বৰ্গদেউসকলৰ দিনতে এই ৰংচাই বিল আছিল মৎস্য চিকাৰ কৰাৰ এক উল্লেখনীয় স্থান । স্বৰ্গদেউসকলৰ দিনত এইখন ৰংচাইতে(লংচাই) মৎস্য চিকাৰ কৰাত স্বয়ং বহুকেইগৰাকী স্বৰ্গদেৱে অংশ লোৱা বুলি এক লোকবিশ্বাস আজিও প্ৰচলিত হৈ আছে । আহোম ৰাজ শাসনৰ অন্ত পৰাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ লগতে শিৱসাগৰ জিলাখনতো শাসন চলোৱাৰ সময়ত এইখন ৰংচাই(লংচাই) বিলতে মৎস্য চিকাৰ কৰি সাধাৰণ জনতাই জীৱন নিৰ্বাহ কৰি আহিছিল ।

তাহানিৰ পৰা এতিয়ালৈকে এই ৰংচাই(লংচাই) বিলত মৎস্য চিকাৰ কৰাটো এক পৰম্পৰা হৈ পৰাৰ লগতে মৎস্যজীৱী লোকসকলৰ বাবে এইখন বিল উপাৰ্জনৰ মূল আহিলা হিচাপে বিবেচিত হৈ আহিছে । শিৱসাগৰ নগৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ নিলগৰ তথা দিচাংমুখ গাঁও পঞ্চায়ত, পানবেচা গাঁও পঞ্চায়ত আৰু দিচাং ধাইআলি গাঁও পঞ্চায়তলৈকে বিস্তাৰিত হৈ থকা ৰংচাই(লংচাই) বিলত এতিয়া চলিছে ব্যাপক দখলৰাজ ।

উল্লেখ্য যে, এইখন ৰংচাই(লংচাই) বিলতে যুগ যুগ ধৰি দিচাংমুখ, পানবেচা, দিচাং ধাইআলি আদি পঞ্চায়তসমূহৰ বৃহৎ সংখ্যক মৎস্যজীৱী লোকে মৎস্য চিকাৰ কৰি পৰিয়াল পোহপাল দি অহাৰ লগতে জীৱিকাৰ এক প্ৰধান সম্বল হিচাপে বাচি লৈছে । ইফালে চৰকাৰীভাৱেও এই বিলখন নিবিদা ভিত্তিত উচ্চ নিবিদাকাৰীক প্ৰদান কৰি অহা হৈছে । পৰম্পৰাগতভাৱে এই বিলতে মৎস্য চিকাৰ কৰি চৰকাৰক ৰাজহ দি অহা এইসকল লোকক এতিয়া ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে দিচাংমুখ চুমনি গাঁৱৰ টায়ে উপাধিৰ এগৰাকী ব্যৱসায়ী ।

এইগৰাকী ব্যৱসায়ীয়ে একমাত্ৰ ব্যক্তিগত স্বাৰ্থৰ বাবে শ শ মানুহৰ জীৱনক দুৰ্বিসহ কৰি ৰংচাই(লংচাই) বিলৰ চৌপাশে গঢ়ি তুলিছে অবৈধ নিৰ্মাণ (Rongsai bil in Sibsagar) । এইগৰাকী পুঁজিপতি ব্যৱসায়ীয়ে ঐতিহাসিক ৰংচাই(লংচাই) বিলৰ উজনি খণ্ডটো সম্পূৰ্ণৰূপে পুতি উক্ত ভুমিখণ্ডসমূহত নিৰ্মাণ কৰিছে বৃহৎ মীন পাম । এনেদৰে এখন চৰকাৰী বিল টায়ে আৰু তেওঁৰ পুত্ৰই অবৈধ দখলেৰে মীন পাম স্থাপন কৰি মৎস্যজীৱীসকলক উচ্ছেদ কৰাৰ যি ষড়যন্ত্ৰ কৰিছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি মৎস্যজীবি সকলে শিৱসাগৰ জিলা উপায়ুক্তক ইতিমধ্যে অভিযোগ দাখিল কৰিছে ।

ইয়াৰ সমান্তৰালভাৱে মৎস্যজীৱীসকলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈকো টায়ে আৰু তেওঁৰ পুত্ৰই ৰংচাই বিল অবৈধভাৱে দখল কৰি মৎস্যজীৱীসকলক উচ্ছেদিত কৰাৰ ষড়যন্ত্ৰৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিছে । মৎস্যজীৱীসকলৰ হৈ জিন্তু দাস আৰু তৈলোক্য দাসে স্বাক্ষৰ কৰি জিলা উপায়ুক্তক এখন অভিযোগ পত্ৰ দাখিল কৰিছে ৷

এই অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে যে, ঐতিহাসিক ৰংচাই(লংচাই) বিলৰ সীমাৰ ভিতৰত যিসকল লোকে বৰ্তমান অবৈধভাৱে প্ৰৱেশ কৰাৰ লগতে ভূমি দখল কৰি ব্যৱসায় কৰি আহিছে, তেওঁলোকক উচ্ছেদ কৰি মৎস্যজীৱীসকলৰ বাবে বিলখনৰ সীমা মুকলি কৰি দিব লাগে । অন্যথা এই চৰকাৰী বিলখনত চৰকাৰক ৰাজহ দি মৎস্য চিকাৰ কৰি অহা মৎস্যজীৱীসকলৰ জীৱন বিপদাপন্ন হৈ পৰিব বুলি উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে, দিচাংমুখ ডেকা বৰবৰুৱা পথৰ দুয়োকাষে থকা ৰংচাই(লংচাই) বিলখনৰ বিভিন্ন স্থানত বহু লোকে মৎস্য পালনৰ বাবে বৃহৎ বৃহৎ মীন পাম স্থাপন কৰা পৰিলক্ষিত হৈছে । আচলতে এই ভূমিসমূহ চৰকাৰী আছিল নে ব্যক্তিগত কোনো লোকৰ পট্টাৰ ভূমি হয় ইয়াৰ এক নিৰপেক্ষ তদন্ত হ'ব লাগে বুলি বহু সংখ্যক মৎস্যজীৱীয়ে দাবী কৰিছে ।

লগতে পঢ়ক : অসম জাতীয় পৰিষদক মাজুলী এৰি দিব কংগ্ৰেছ দলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.