শিৱসাগৰ,১৫জুন : শিৱসাগৰৰ 'প্ৰগতি'নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনৰ বিৰুদ্ধে অভিযোগ ৰোগীৰ । নিজ ইচ্ছা অনুসৰি চিকিৎসালয়খনে ৰোগীৰ পৰা মাছুল লোৱাৰ অভিযোগ উত্থাপন হৈছে । চিকিৎসাৰ বাবদ দিনত ৩০০ টকা আৰু ৰাতি ৪২০ টকাকৈ ৰোগীয়ে দিব লগা হয় । চিকিৎসালয়খনৰ এই মইমতালিত দুৰ্ভোগ ভুগিছে এতিয়া ৰোগীসকল । ইফালে ,এই ঘটনাৰ বাবে স্বাস্থ্য বিভাগক অভিযোগ দিয়া হৈছিল যদিও বিভাগটোৱে কোনো গুৰুত্ব প্ৰদান নকৰিলে । 'CLINICAL ESTABLISHMENT ACT' ত এই সন্দৰ্ভত অভিযোগ লোৱাৰ কোনো নীতি নিৰ্দেশনা নোহোৱাৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহণ নকৰে কোনো ব্যৱস্থা । আইনৰ সুৰুঙা লৈ শিৱসাগৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত নিজ ইচ্ছামতে চলা এই কাম-কাজত অতিষ্ঠ হৈ পৰিছে ৰোগী তথা স্থানীয় ৰাইজ । কিন্তু চৰকাৰে এই ক্ষেত্ৰত কেতিয়া নিজৰ দায়িত্ব পালন কৰিব তাক লৈ এতিয়া চিন্তিত স্থানীয় ৰাইজ ।
প্ৰগতিৰ মইমতালিত অতিষ্ঠ ৰোগী ! - progroti hospital
শিৱসাগৰৰ 'প্ৰগতি'নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগ ৰোগীৰ, নিজ ইচ্ছাৰে চিকিৎসালয়খনত মাছুল লোৱাৰ অভিযোগ ৰোগীৰ ৷
শিৱসাগৰ,১৫জুন : শিৱসাগৰৰ 'প্ৰগতি'নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনৰ বিৰুদ্ধে অভিযোগ ৰোগীৰ । নিজ ইচ্ছা অনুসৰি চিকিৎসালয়খনে ৰোগীৰ পৰা মাছুল লোৱাৰ অভিযোগ উত্থাপন হৈছে । চিকিৎসাৰ বাবদ দিনত ৩০০ টকা আৰু ৰাতি ৪২০ টকাকৈ ৰোগীয়ে দিব লগা হয় । চিকিৎসালয়খনৰ এই মইমতালিত দুৰ্ভোগ ভুগিছে এতিয়া ৰোগীসকল । ইফালে ,এই ঘটনাৰ বাবে স্বাস্থ্য বিভাগক অভিযোগ দিয়া হৈছিল যদিও বিভাগটোৱে কোনো গুৰুত্ব প্ৰদান নকৰিলে । 'CLINICAL ESTABLISHMENT ACT' ত এই সন্দৰ্ভত অভিযোগ লোৱাৰ কোনো নীতি নিৰ্দেশনা নোহোৱাৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহণ নকৰে কোনো ব্যৱস্থা । আইনৰ সুৰুঙা লৈ শিৱসাগৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত নিজ ইচ্ছামতে চলা এই কাম-কাজত অতিষ্ঠ হৈ পৰিছে ৰোগী তথা স্থানীয় ৰাইজ । কিন্তু চৰকাৰে এই ক্ষেত্ৰত কেতিয়া নিজৰ দায়িত্ব পালন কৰিব তাক লৈ এতিয়া চিন্তিত স্থানীয় ৰাইজ ।
Story-DOCTORS_FEES
Ananta Smith
Sivasagar
15th June
A_SVR_15TH_JUNE_801-804_DOCTORS_FEES_7203499
ৰোগীৰ বাবে ভগৱান স্বৰূপ একাংশ চিকিৎসক আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে শিৱসাগৰ নগৰত চলাইছে দৌৰাত্ম।এই দৌৰাত্ম চলিছে উচ্চ হাৰত ৰোগীৰ পৰা মাচুল সংগ্ৰহ কৰাৰ নামত।শিৱসাগৰ নগৰৰ প্ৰায় প্ৰতিখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বিৰুদ্ধে সঘনে এই বৰ্ধিত হাৰত ৰোগীৰ পৰা মাচুল সংগ্ৰহ কৰাৰ অভিযোগ আছে।
এই অভিযোগ সত্য প্ৰমাণিত কৰিলে নগৰৰ সমীপৰ প্ৰগতি নাৰ্ছিং হোম নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনে।চিকিৎসালয়খনে ৰোগীৰ পৰা নিজ ইচ্ছা অনুসৰি মাচুল সংগ্ৰহ কৰে।দিনত ৩০০ টকা আৰু ৰাতি হলে এই মাচুল ৪২০ টকা হয়গৈ।
চিকিৎসালয় খনৰ এই ৪২০ নম্বৰী কাণ্ড সন্দৰ্ভত স্বাস্থ্য বিভাগক অভিযোগ দিওঁ ৰাইজে সকাহ পোৱা নাই।CLINICAL ESTABLISHMENT ACT ত এই সন্দৰ্ভত কোনো নীতি নিৰ্দেশনা নাই বুলি স্বাস্থ্য বিভাগে অভিযোগ গ্ৰহণ নকৰে।
চৰকাৰী অৱহেলা আৰু নীতি নথকা আইনৰ সুৰুঙা লৈ এতিয়া শিৱসাগৰত এইচাম ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু চিকিৎসকে নিজকে দিন ডকাইতৰ ৰূপত অৱৰ্তীন হৈছে।
হতাশ আৰু অসহায় ৰাইজে এই সন্দৰ্ভত বাৰম্বাৰ অভিযোগ দাখিল কৰাৰ পাছতো কোনো সুফল পোৱা নাই।এই দিন ডকাইতি প্ৰতিহত কৰাৰ স্বাৰ্থত ৰাইজে এই ক্ষেত্ৰত স্পষ্ট চৰকাৰী নীতি প্ৰণয়ন কৰাৰ পোষকতা কৰিছে।স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মন্ত্ৰী আৰু চৰকাৰৰ এই দিশত চকু দিবলৈ আহৰি ওলাবনে?
Bite1:অভিযোগকাৰী
Bite2-ড ৰিপুন বৰপূজাৰী/যুটীয়া স্বাস্থ্য সঞ্চালক/শিৱসাগৰ