ETV Bharat / city

জাঁজী নদীৰ মথাউৰিৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম - আমগুৰি

আমগুৰি সমষ্টিৰ জামুগুৰি-তামুলীছিগা সংযোগী জাঁজী নদীৰ মথাউৰিৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ কৰে ৰাইজে ৷ পথটো নিৰ্মাণৰ পিছতেই খহিবলৈ ধৰিছে ব্লেক ট্ৰেপিং ৷

Corruption Road Construction At Amguri
জাঁজী নদীৰ মথাউৰিৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম
author img

By

Published : Feb 6, 2021, 2:28 PM IST

আমগুৰি, 6 ফেব্ৰুৱাৰী: শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ জামুগুৰি-তামুলীছিগা সংযোগী জাঁজী নদীৰ মথাউৰিৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ কৰিছে ৰাইজে ৷ পথটো নিৰ্মাণৰ পিছতেই চপৰা-চপৰে এৰিবলৈ ধৰিছে ব্লেক ট্ৰেপিং ৷ উক্ত পথটোৰ ঠিকা লাভ কৰা ঠিকাদাৰ ৰিণ্টু বুঢ়াগোঁহাইয়ে অতি নিম্ন মানৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰা বুলি গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ লগতে ঠিকাদাৰৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৷

জাঁজী নদীৰ মথাউৰিৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম

উল্লেখ্য যে, SOPD আঁচনিৰ অধীনত নিৰ্মিত মথাউৰিটোৰ পথটোৰ দুবছৰৰ পূৰ্বেই আধাৰশিলা স্থাপন কৰিছিল স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই । ইমানদিনে পথটো মেৰামতি নকৰি বিধায়কজনে নিৰ্বাচনৰ সময়তহে পথটো মেৰামতি কৰিবলৈ মনত কৰাৰ অভিযোগ কৰিছে ৰাইজে ৷ যদি উক্ত পথটো পুনৰ ভালদৰে মেৰামতি কৰি নিদিয়ে, তেনেহ'লে অনাগত দিনত ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৰাইজে ৷

লগতে পঢ়ক-হোজাইত শোকাৱহ পথ দুৰ্ঘটনা : নিহত দুই কণমানি সন্তানৰ পিতৃ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.