ETV Bharat / city

শিৱসাগৰত কমিউনিষ্ট পাৰ্টিৰ প্ৰতিবাদ - বিদ্যুৎ বিল 2021

বৃহস্পতিবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধর্মঘট পালন কৰে কমিউনিষ্ট পাৰ্টিয়ে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰা (Communist Party protest against price hike) ইত্যাদি বিভিন্ন দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

communist-party-protest-in-sivsagar
শিৱসাগৰত কমিউনিষ্ট পাৰ্টিৰ প্ৰতিবাদ
author img

By

Published : May 5, 2022, 4:50 PM IST

শিৱসাগৰ, 5 মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো বৃহস্পতিবাৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰে (Communist Party protest in Sivsagar) । শিৱসাগৰ জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধর্মঘট পালন কৰে কমিউনিষ্ট পাৰ্টিয়ে ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰা (Communist Party protest against price hike), পেট্ৰ’ল, ডিজেলক জি. এচ. টি.ৰ অন্তর্ভুক্ত কৰা অথবা ইয়াৰ ওপৰত আৰোপ কৰা, উপকৰ হ্ৰাস কৰা, সকলো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, জীৱনদায়িনী ঔষধ, নির্মাণ সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ কৰা আৰু কৃত্ৰিম ইউৰিয়া সাৰৰ নাটনি কৰাসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা আদি বিভিন্ন দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

শিৱসাগৰত কমিউনিষ্ট পাৰ্টিৰ প্ৰতিবাদ

ইয়াৰোপৰি কমিউনিষ্ট পাৰ্টিয়ে ‘বিদ্যুৎ বিল 2021’ প্ৰত্যাহাৰ কৰি বৃহৎ বণিয়া গোষ্ঠীৰ সৈতে চৰকাৰৰ অবৈধ লেনদেন বন্ধ কৰাৰ লগতে অসাধু ব্যৱসায়ীসকলক নাকী লগোৱা আৰু সকলো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে যোগান ধৰা আদি বিভিন্ন দাবী আগত লৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

লগতে পঢ়ক : এতিয়াৰে পৰা শ্ৰমিকৰ বাবে বিনামূলীয়া বাছসেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.