শিৱসাগৰ, 26 আগষ্টঃ চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত পথ অৱৰোধ স্থানীয় ব্যৱসায়ী সকলৰ । ক'ৰণা মহামাৰীৰ নামত দীৰ্ঘ দিনৰে পৰা নগালেণ্ডৰ মন জিলা প্ৰশাসনৰ লগতে কন্যাক ষ্টুডেণ্ট ইউনিয়ন, টিজিত এৰিয়া ষ্টুডেণ্ট ইউনিয়ন তথা নগা উগ্ৰপন্থী সংগঠনে অসমৰ ব্যৱসায়ী সকলৰ পৰা বিভিন্ন অজুহাতত ধন লোৱা বুলি গুৰুতৰ অভিযোগ কৰে অসমৰ ব্যৱসায়ী সকল ৷
ইফালে ক'ভিড-১৯ টেষ্টৰ নামতো প্ৰতিজন চালক আৰু সহায়কৰ পৰা ১৫০০ টকাৰ লগতে গাড়ী চেনিটাইজৰ নামত ১০০ টকাকৈ সংগ্ৰহ কৰে বুলি অভিযোগ উত্থাপন কৰে অসমৰ ব্যৱসায়ী সকলে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আন্তঃৰাজ্যিক যাতায়ত মুকলি কৰি দিয়া পাছতো কৰ'ণাৰ নামত ব্যৱসায়ী তথা স্থানীয় লোকৰ ওপৰত এনেদৰে নাগালেণ্ডৰ এই শাৰাহাস্তি কৰাৰ প্ৰতিবাদত নামতোলা ব্যৱসায়ী সন্থাৰ লগতে চৰাইদেউ জিলাৰ প্ৰায় ১৫ টা ব্যৱসায়িক সংগঠনে পথ অৱৰোধ কৰে । ইফালে প্ৰতিবাদকাৰী সকলে নগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈ ঘোষণা কৰিছে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ।
লগতে পঢ়ক-শিলচৰত কেইবাটাও মণিপুৰী সংগঠনৰ প্ৰতিবাদ