ETV Bharat / city

কৰ'ণা ভাইৰাছ : শিৱসাগৰ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

শিৱসাগৰ জিলাত 1153গৰাকী লোকক নিজ গৃহতে সুকীয়াকৈ থকাৰ পৰামৰ্শ দিছে জিলা প্ৰশাসনে ৷ জৰুৰীকালীন অৱস্থাৰ বাবে আছুতীয়াকৈ ৰখা হৈছে 20খন বিচনা ৷ 9 গৰাকী ব্যক্তিক কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ আশংকাত পৰীক্ষা কৰা হৈছে ৷ ইতিমধ্যে 7 গৰাকীৰ ফলাফল ঋণাত্মক আহিছে আৰু 2গৰাকীৰ ফলাফল ওলাবলৈ বাকী আছে ৷

কৰ'ণা ভাইৰাছ : শিৱসাগৰ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ
কৰ'ণা ভাইৰাছ : শিৱসাগৰ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ
author img

By

Published : Mar 28, 2020, 6:12 PM IST

শিৱসাগৰ, 28 মাৰ্চ : বিশ্বব্যাপী মহামাৰীৰ ৰূপ লোৱা কোভিদ-19ক লৈ শিৱসাগৰ জিলাত গ্ৰহণ কৰা হৈছে বিশেষ সজাগতা ৷ জিলাখনত 1153গৰাকী লোকক নিজ গৃহতে সুকীয়াকৈ থকাৰ পৰামৰ্শ দিয়াৰ লগতে জৰুৰীকালীন অৱস্থাৰ বাবে 20খনকৈ বিচনা আছুতীয়াকৈ ৰখা হৈছে ৷ ইতিমধ্যে জিলাখনত 9গৰাকী ব্যক্তিক কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ আশংকাত পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে 7গৰাকীৰ ফলাফল ঋণাত্মক অহাৰ বিপৰীতে 2গৰাকী লোকৰ ফলাফল আহিবলৈ বাকী আছে ৷

শিৱসাগৰ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

বহিঃৰাজ্য অথবা বহিঃদেশৰ পৰা ভ্ৰমণ কৰি অহা এই লোকসকলক কঠোৰভাবে প্ৰশাসনৰ এই নিয়ম মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে । অবিভক্ত শিৱসাগৰ জিলাত এই পৰ্যন্ত চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহত 20খন বিচনা জৰুৰীকালীন অৱস্থাৰ বাবে আছুতীয়াকৈ ৰখা হৈছে । অবিভক্ত শিৱসাগৰ জিলাত নতুনকৈ গঠন হোৱা চৰাইদেউ জিলাকো সামৰি লোৱা হৈছে ।

জিলাখনত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে যথেষ্ট সক্ৰিয়তাৰে কাম কাজ কৰি থকাৰ সমান্তৰালভাৱে ব্যাপক সজাগতা কাৰ্যাসূচী ৰূপায়ন কৰিছে । বিভাগটোৱে সুকীয়া নিয়ন্ত্ৰণ কক্ষ গঠন কৰাৰ লগতে মোবাইল ইউনিটৰ দ্বাৰা দ্ৰুতভাৱে নিজৰ কাম কাজ ৰূপায়ন কৰিছে ।

আনহাতে ৰাজ্যত লক ডাউনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ স্বাস্থ্যবিভাগৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে প্ৰয়োজনীয় ব্যক্তিগত সুৰক্ষা আহিলাসমূহ সঠিক পৰিমাণত লাভ কৰিব পৰা নাই । একেদৰে জনসাধাৰনেও মাস্ক-ছেনিটাইজাৰ আদিৰ ব্যাপক অভাৱৰ সন্মুখীন হৈছে । দৈনন্দিন প্ৰয়োজনীয় সা-সামগ্ৰী আৰু ঔষধৰ যোগান নিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৱলীৰ বাবে বৰ্তমানলৈকে ৰাইজ বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাই ।

বিগত তিনিটা দিনৰ দৰেই আজি চতুৰ্থ দিনৰ বাবেও শিৱসাগৰ জিলা সম্পূৰ্ণৰূপে স্তব্ধ হৈ আছে । জনসাধাৰনে ৰাষ্ট্ৰজুৰি পালন কৰা লক ডাউনৰ প্ৰতি সঁহাৰি জনাইছে আৰু সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত নিজ ঘৰতে সময় অতিবাহিত কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.